ETV Bharat / state

APDCL আৰু অসম চৰকাৰক মানসিক চিকিৎসাৰ প্ৰয়োজন: আৰ পি শৰ্মা - Ground water tax

APDCL আৰু অসম চৰকাৰক মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে বুলি ক’লে আৰ পি শৰ্মাই (Congress leader R P Sarma)৷ সাধাৰণ জনতা কুঁহিয়াৰ আৰু সেই কুঁহিয়াৰৰ ৰস আদানী-আম্বানীয়ে খাই থকা বুলিও মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

APDCL আৰু অসম চৰকাৰক মানসিক চিকিৎসাৰ প্ৰয়োজন: আৰ পি শৰ্মা

author img

By

Published : Sep 27, 2022, 7:25 PM IST

তেজপুৰ, 27 ছেপ্টেম্বৰ: অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (Assam Power Distribution Company Limited) হঠাৎ বিদ্যুতৰ বিল অভাৱনীয় হাৰত বৃদ্ধি কৰাক লৈ তেজপুৰত সাব্যস্ত হ’ল অভিনৱ প্ৰতিবাদ (Congress protest in Tezpur against APDCL)৷ APDCLক অসুৰৰ ৰূপ দি কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰাম কুমাৰ শৰ্মাই (Congress leader R P Sarma) ৷

‘‘সাধাৰণ জনতা কুঁহিয়াৰলৈ পৰিণত হৈছে, চৰকাৰে সেই কুঁহিয়াৰ চেপিছে আৰু ইয়াৰ ৰস আদানী-আম্বানীয়ে খাইছে’’৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে আৰ পি শৰ্মাই ৷ প্ৰাক্তন সাংসদগৰাকীয়ে লগতে কয় যে, APDCL আৰু অসম চৰকাৰক চিকিৎসাৰ প্ৰয়োজন হৈছে ৷ তেজপুৰত যিদৰে মানসিক ৰোগীক চিকিৎসা কৰোৱা হয়, ঠিক সেইদৰে APDCL আৰু অসম চৰকাৰকো মানসিক চিকিৎসা কৰোৱাৰ প্ৰয়োজন হৈছে বুলি তীৰ্যক মন্তব্য প্ৰদান কৰে আৰ পি শৰ্মাই ৷

আনহাতে বিজেপি দলক ক্ষোৰধাৰ সমালোচনা কৰি প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী নেতাগৰীকীয়ে কয় যে, এই সময়ত ৰাহুল গান্ধীক ‘পাপ্পু’ বুলি কোৱাৰ সাহস কাৰো নাই ৷ ইয়াৰ জৰিয়তে সম্প্ৰতি কংগ্ৰেছ দলৰ জনপ্ৰিয়তা দেশজুৰি বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে আৰ পি শৰ্মাই ৷

APDCL আৰু অসম চৰকাৰক মানসিক চিকিৎসাৰ প্ৰয়োজন: আৰ পি শৰ্মা

উল্লেখ্য যে, শক্তি বিভাগৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছ দলে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ অসম চৰকাৰৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায় আদি শ্ল’গান আওৰায় (Protest against electricity bill hike in Tezpur)। প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকটকীয়ে অংশগ্ৰহণ কৰি কয় যে চৰকাৰে সকলো বিষয়তে কৰ জাপি দি সাধাৰণ জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু বিপৰীতে ধনী শ্ৰেণীক ৰঙা দলিছা পাৰি দিছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভূ-গহ্বৰৰ পৰা পানী সংগ্ৰহতো কৰ আৰোপ(Ground water tax) কৰা সিদ্ধান্তক অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকটকীয়ে ।

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.