ETV Bharat / state

তেজপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 21, 2020, 5:00 AM IST

এটা দিন বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত তেজপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইজ ৷ কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰেৰণ নকৰাকৈ এটা দিন বিদ্যুৎ সেৱাৰ পৰা ব্যাহত কৰা হয় সম্পূৰ্ণ তেজপুৰ সমষ্টিৰ অন্তৰ্গত এলেকা । নিশা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ ।

conflict at apdcl office of tezpur
conflict at apdcl office of tezpur

তেজপুৰ,২০ ছেপ্টেম্বৰ : অসম ৰাজ্যিক বিদ্যুৎ যোগান পৰিষদ নিগমৰ হেমহীৰ বাবে তেজপুৰত নিশা কাৰ্যালয়ৰ সন্মুখত গ্ৰাহকৰ উত্তপ্ত পৰিস্থিতি । কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰেৰণ নকৰাকৈ এটা দিন বিদ্যুৎ সেৱাৰ পৰা ব্যাহত কৰা হয় সম্পূৰ্ণ তেজপুৰ সমষ্টিৰ অন্তৰ্গত এলেকা । দেওবাৰে দিনৰ পুৱা ৯ বজাৰ পৰা কোনো আগতীয়াকৈ জাননী জাৰি আৰু ঘোষণা নকৰাকৈ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ নিশা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে স্থানীয় ৰাইজ ।

conflict at apdcl office of tezpur
তেজপুৰত উত্তপ্ত পৰিস্থিতি

তেজপুৰ সংমণ্ডলৰ একাংশ অদায়িত্বশীল বিষয়া কৰ্মচাৰীৰ বাবে সম্পূৰ্ণ দিন বিদ্যুৎ সেৱাৰ পীড়া বঞ্চিত হৈ ৰাইজ ওলাই আহে নিশা । আনহাতে অনলাইনত পৰীক্ষা দি থকা ছাত্র ছাত্ৰী সকলে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে । বিদ্যুতৰ বিল পৰিশোধ কৰা এদিন পলম হ’লে জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰা এই বিভাগটোৰ দূৰদৰ্শীতাৰ লগতে কৰ্তব্য গাফিলতিৰ বাবে আজি এই পৰিস্থিতি সৃষ্টি হয় । স্থানীয় ৰাইজে এই ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ গেটৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

তেজপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
অৱশেষত যদিও কোনো কৰ্তৃপক্ষই সন্মুখীন হোৱা নাছিল তেজপুৰ আৰক্ষীৰ তাৎপৰাতত নিশা ১১.৩০ বজাত বিদ্যুৎ সেৱা উপলব্ধ কৰিবলৈ সক্ষম হয় ৷ ব্যক্তিগতকৰণ হোৱাৰ পাচত এতিয়া গুৰিয়ালহীন হৈ পৰিছে বিভাগটো ।

লগতে পঢ়ক : ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা নিবনুৱা যুৱক-যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.