ETV Bharat / state

National War against Chin Kuki Narco Terrorists : চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় যুদ্ধৰ ঘোষণা - Manipur violence

মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মণিপুৰী ৰাষ্ট্ৰীয় যুদ্ধৰ ঘোষণা কৰিছে (National War against Chin Kuki Narco Terrorists)। গণ সন্মিলনৰ মতে নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰু বাহ্যিক আক্ৰমণ সমাপ্তি হোৱা নাই ।

Chin Kuki Narco Terrorists
চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় যুদ্ধৰ ঘোষণা
author img

By

Published : Jun 8, 2023, 10:52 AM IST

তেজপুৰ,৮ জুন : মণিপুৰৰ ইম্ফল পূব জিলাৰ পেলেচ কম্পাউণ্ডৰ ইবোয়াইমা চুমাং লীলা চাংলেনত অনুষ্ঠিত এক গণ সন্মিলনত মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে বুধবাৰে চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মণিপুৰী ৰাষ্ট্ৰীয় যুদ্ধৰ ঘোষণা কৰে (National War against Chin Kuki Narco Terrorists)।

গণ সন্মিলনত লোৱা সংকল্প অনুসৰি চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদী আৰু মেইটেই লোকসকলৰ মাজত চলি থকা সংকটৰ বাবে ভাৰত চৰকাৰক দায়ী কৰা উচিত (Coordinating Committee on Manipur Integrity)। বৈঠকত ৰাজ্যখনৰ সকলো জাতি-সম্প্ৰদায়ক নাৰ্কো-সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়াভাৱে যুদ্ধ আৰম্ভ কৰাৰ বাবে আহ্বান জনোৱা হয় ।

গণ সন্মিলনত লগতে নিশ্চিত কৰা হয় যে নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় যুদ্ধ ঘোষণা কৰাৰ পাছত ৰাজ্যখনত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ব য'ত ৰাজ্যখনত ধৰ্মীয় ৰীতি-নীতিৰ বাহিৰে সকলো উৎসৱ আৰু মনোৰঞ্জন কাৰ্যসূচী নিষিদ্ধ কৰা হ'ব । গণ সন্মিলনে নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰু বাহ্যিক আক্ৰমণৰ সমাপ্তি হোৱা নাই বুলি উল্লেখ কৰি অস্ত্ৰ-শস্ত্ৰ জমা নিদিয়াৰ সংকল্প লয় আৰু লগতে কয় যে কুকি সন্ত্ৰাসবাদী আৰু বাহ্যিক আক্ৰমণকাৰীৰ দ্বাৰা প্ৰভাৱিত পাহাৰীয়া অঞ্চলসমূহত ইয়াক আৰম্ভ কৰাৰ পূৰ্বে মণিপুৰ উপত্যকাত কোনো সামৰিক কোম্বিং অপাৰেচন হ'ব নালাগে ।

এই বৈঠকত গণ সন্মিলনে সংঘৰ্ষৰ সময়ত মৃত্যু হোৱা শ্বহীদসকলৰ বাবে এখন স্মাৰক উদ্যান স্থাপনৰো সিদ্ধান্ত লয় । চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন গাঁওৰ সুৰক্ষাৰ বাবে গাঁও প্ৰতিৰক্ষা বাহিনী স্থাপন কৰা উচিত বুলি দাবী কৰে । বৈঠকখনে অৱশেষত সংশ্লিষ্ট কৰ্তৃপক্ষক কুকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা গাঁওসমূহক সুৰক্ষা দিয়াৰ বাবে অতি সোনকালে অস্ত্ৰ অনুজ্ঞাপত্ৰ মুকলি কৰিবলৈও আহ্বান জনায় ।

উল্লেখ্য যে মণিপুৰত যোৱা ৩ মে'ৰ পৰা হিংসাজৰ্জৰ পৰিৱেশে বিৰাজ কৰি আছে (Manipur violence)। বিভিন্ন স্থানত পুনৰ নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে । উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজতো বিভিন্ন স্থানত গুলীয়াগুলিৰ ঘটনা অব্যাহত আছে । ইয়াৰ মাজতে মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিৰ এই গণ সন্মিলন অতি গুৰুত্বপূৰ্ণ হৈছে ।

লগতে পঢ়ক :Manipur update: মণিপুৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.