ETV Bharat / state

COCOMI Condemned Naked Women Parading : বিবস্ত্ৰ মহিলাৰ উলংগ সমদলক গৰিহণা কোকোমিৰ - COCOMI on Manipur violence

মণিপুৰৰ বিবস্ত্ৰ মহিলাক নিৰ্যাতনৰ ঘটনাক গৰিহণা দি কোকোমিৰ সমন্বয়ক জীতেন্দ্ৰ নিঙ্গোম্বাই ইটিভি ভাৰতক কয় যে এই ঘটনাত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণ হতবাক হৈ পৰিছে ।

COCOMI Condemned Naked Women Parading
COCOMI Condemned Naked Women Parading
author img

By

Published : Jul 21, 2023, 1:44 PM IST

তেজপুৰ, ২১ জুলাই : 'দ্য কোঅৰডিনেটিং কমিটী অন মণিপুৰ ইনটিগ্ৰিটি' চমুকৈ কোকোমিয়ে (The Coordinating Committee on Manipur Integrity, COCOMI) বুধবাৰে সন্ধিয়া এক বিবৃতি জাৰি কৰি মণিপুৰৰ এখন গাঁৱত দুগৰাকী মহিলাক দিনৰ পোহৰতে বিবস্ত্ৰ কৰি সমদল কৰা কাৰ্যক বৰ্বৰ আৰু অসভ্য বুলি তীব্ৰ গৰিহণা দিছে ।

ঘটনাটোক গৰিহণা দি কোকোমিৰ সমন্বয়ক জীতেন্দ্ৰ নিঙ্গোম্বাই ইটিভি ভাৰতক ফোনযোগে কয় যে এই ঘটনাত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণ হতবাক হৈ পৰিছে ।

তেওঁ কয়, কোকোমি দলে সৰ্বশক্তি প্ৰয়োগ কৰি অপৰাধী য'তেই নাথাকক কিয় চিনাক্ত কৰি ধৰিবলৈ সম্ভৱপৰ সকলো উপায়েৰে চেষ্টা কৰি আছে । এই কাৰ্য কেইজনমান মানসিক ৰোগগ্ৰস্ত অপৰাধীয়ে সংঘটিত কৰিছে । সমগ্ৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেখুওৱা ভিডিঅ' ক্লিপটোক লৈ সমগ্ৰ মেইটেই সমাজে লাজ আৰু গভীৰ বেদনা অনুভৱ কৰিছে । বিবৃতিটোত তেওঁলোকে লগতে কয় যে কোকোমিয়ে দৃঢ়ভাৱে বিশ্বাস কৰে যে এনে বৰ্বৰ কাৰ্যত জড়িতসকলক মেইটেই সম্প্ৰদায়ে কেতিয়াও ৰেহাই নিদিয়ে আৰু অপৰাধৰ সৈতে জড়িত সকলোকে নিশ্চিতভাৱে উপযুক্ত শাস্তি প্ৰদান কৰিব ।

বিবৃতিটোত তেওঁলোকে লগতে উল্লেখ কৰে যে ৭৫ দিন আগৰ এটা ভিডিঅ' ক্লিপৰ এই শেহতীয়া ঘটনা সন্দৰ্ভত কোকোমিয়ে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আবেদন জনাইছে যে যিসকলে কেৱল এটা ভিডিঅ' ক্লিপৰ দ্বাৰা চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদী আক্ৰমণৰ সমগ্ৰ সংকটক ন্যায়সঙ্গত কৰিবলৈ চেষ্টা কৰি আছে, ইয়াৰ দ্বাৰা কেৱল এটা জটিল বিষয়ৰ গতি সলনি কৰিব পাৰে আৰু সামগ্ৰিকভাৱে মেইটেই সমাজক ৰাক্ষস হিচাপে পৰিগণিত কৰাত সহায় কৰে ।

কোকোমিয়ে কয়, ৩ মে'ৰ আৰম্ভণিৰে পৰাই কেইবাটাও ঘটনা সংঘটিত হৈছে, যাক তেওঁলোকে বৰ্বৰ আৰু অমানৱীয় বুলি বিবেচনা কৰে । অৱশ্যে কোকোমিয়ে সদায়ে এনেধৰণৰ যিকোনো ঘটনা পৰিহাৰ কৰিবলৈ চেষ্টা কৰি আহিছে, যিয়ে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াল তথা আত্মীয় আৰু বন্ধুবৰ্গৰ শালীনতা আৰু মৰ্যাদা প্ৰভাৱিত কৰিব পাৰে । এনে সংকটৰ মুহূৰ্তত এনে সংবেদনশীল ভিডিঅ'ৰ প্ৰতিবেদন ৰাজহুৱা ক্ষেত্ৰত প্ৰচাৰ কৰাটো পৰিহাৰ কৰা উচিত । কিয়নো কিছুমান ন্যস্ত স্বাৰ্থ জড়িত গোটে উদ্দেশ্য প্ৰণোদিতভাৱে ইয়াক বিয়পাবলৈ কোনো কুণ্ঠাবোধ নকৰে ।

সংশ্লিষ্ট সকলোৰে প্ৰতি আমাৰ বিনম্ৰ আবেদন যে আমি বিবাদ সমাধানত সহায় কৰা উচিত আৰু দুয়োপক্ষৰ হিংসা বিয়পোৱাত সহায় কৰিব পৰা যিকোনো ঘটনা পৰিহাৰ কৰা উচিত বুলিও কোকোমিৰ সমন্বয়কগৰাকীয়ে কয় । তেওঁ লগতে কয়, অৱশ্যে এইটো জানিবলৈ পোৱাটো অতি দুৰ্ভাগ্যজনক যে কিছুমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ৭৫ দিন আগৰ ভাইৰেল ভিডিঅ' ব্যৱহাৰ কৰি আছে, যিয়ে কোনো ধৰণে সংকট সমাধান কৰাত সহায় নকৰে । বৰঞ্চ মণিপুৰৰ হিংসাৰ ওপৰত নিৰ্বাচিত প্ৰতিবেদনত অধিক ইন্ধন যোগোৱাটোও কোকোমিৰ বাবে এক চিন্তাৰ বিষয় বুলিও তেওঁ কয় ।

আনহাতে, ৩০ জুনত বিষ্ণুপুৰ জিলাৰ মইৰাং অঞ্চলত বিয়লি প্ৰায় ৪ বজাত বৃহৎসংখ্যক মহিলা প্ৰতিবাদকাৰীক বেয়াকৈ প্ৰহাৰ কৰা ঘটনাৰ কথা উল্লেখ কৰি কয় যে কোনো মহিলা সুৰক্ষাকৰ্মী অবিহনেই ভাৰতীয় সেনাৰ জোৱানসকলে তেওঁলোকক প্ৰহাৰ কৰিছিল । এই ঘটনা সকলো ৰাজ্যিক টিভি চেনেল আৰু ছপা মাধ্যমত প্ৰকাশ পাইছিল । কিন্তু ৭৫ দিন আগৰ শেহতীয়া ভিডিঅ' ক্লিপবিলাক প্ৰচাৰ কৰাসকলকে ধৰি কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই ঘটনাটোৰ প্ৰতিবেদন আজিলৈকে এৰাই চলিলে ।

চুৰাচান্দপুৰ ভ্ৰমণ কৰা সাংবাদিকসকলে নাৰ্কো-সন্ত্ৰাসবাদী কুকিসকলৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস আৰু লুণ্ঠন কৰা ১৪ খন মেইটেই গাঁও আৰু কল'নি কেতিয়াবাহে পৰিদৰ্শন কৰিছিল বা পৰিদৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছিল । যিহেতু চলিত হিংসাই দুয়োপক্ষতে ইমানবোৰ অমানৱীয় কাৰ্য সংঘটিত কৰিছে, সেয়ে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দায়িত্বশীল সংবাদ মাধ্যমবোৰে সম্প্ৰদায়বোৰৰ মাজত ঘৃণা বিয়পোৱাৰ সলনি হিংসা সমাধানত অৰিহণা যোগাব লাগিব বুলিও কোকোমিৰ আহ্বান । লগতে কোকোমিয়ে ভৱিষ্যতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা কিছু দায়িত্বশীল প্ৰতিবেদন আশা কৰা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :Parliament monsoon session 2023 : সদনত মণিপুৰৰ বিতৰ্কত উত্তৰ দিবলৈ সাজু অমিত শ্বাহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.