তেজপুৰ, 25 অক্টোবৰ : সীমান্তত এক স্পৰ্শকাতৰ আৰু চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে সোমবাৰে ভাৰত-তিব্বত-চীন(Indo-Tibetan-China Border) সীমান্ত পৰিদৰ্শন কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Pema Khandu)ৱে ৷
![cm-of-arunachal-pradesh-pema-khandu-visited-to-indo-tibetan-china-border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13451422_ijljliu.jpg)
পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ Yangste Post ত থকা ভাৰতীয় সেনাৰ জোৱানসকলে 1500 ফুট উচ্চতাত ভাৰত-তিব্বত-চীন সীমান্তত দিনে-নিশাই প্ৰহৰী হিচাপে কৰ্মৰত হৈ আছে ৷
![cm-of-arunachal-pradesh-pema-khandu-visited-to-indo-tibetan-china-border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13451422_hukmhyukl.jpg)
সীমান্তত উপস্থিত হৈ এইসকল জোৱানক প্ৰেৰণা যোগায় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, সীমান্তত বৰফৰ মাজত দিনে-নিশাই পহৰা দি থকাৰ বাবেই আজি আমাৰ দেশ সুৰক্ষিত হৈ আছে । জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সীমান্তৰ বিভিন্ন ধৰণৰ সমস্যাৰ কথা আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
![cm-of-arunachal-pradesh-pema-khandu-visited-to-indo-tibetan-china-border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13451422_hgfnjghj.jpg)
উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম ভাগত চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চলোৱা চেষ্টা বিফল কৰিবলৈ সক্ষম হৈছিল সেনা জোৱানসকলে । চীনা সৈন্যৰ এই কাৰ্যৰ পাচতে সীমান্তত অত্যাধিক সেনা আৰু অন্যান্য সুৰক্ষা বাহিনী মোতায়েন কৰা হয় ৷
লগতে পঢ়ক : ৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই