ETV Bharat / state

CM in Tezpur: নদীবান্ধ আৰু বানপানীৰ মাজত সম্পৰ্ক এতিয়াও বিজ্ঞানসন্মতভাৱে প্ৰমাণ হোৱা নাই; মুখ্যমন্ত্ৰী - CM in Tezpur

বৃহস্পতিবাৰে ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ ৷ নদীবান্ধ আৰু বানপানীৰ এই দুটাৰ মাজত সম্পৰ্ক এতিয়াও বিজ্ঞানসন্মতভাৱে প্ৰমাণ হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Himanta Biswa Sarma in Tezpur
তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jun 22, 2023, 7:58 PM IST

আদৰ্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

তেজপুৰ, ২২ জুন : নদীবান্ধ আৰু বানপানীৰ এই দুটাৰ মাজত সম্পৰ্ক এতিয়াও বিজ্ঞানসন্মতভাৱে প্ৰমাণ হোৱা নাই ৷ মই বিচাৰোঁ যে, সোৱণশিৰিৰ প্ৰজেক্টটো সোনকালে হওক আৰু আমাক লাইট দিয়ক ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেজপুৰত বৃহস্পতিবাৰে এক বিশেষ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে হোৱা মত বিনিময়ত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, বিদ্যুৎ নাই যাৰ বাবে 10 টকাত বিদ্যুৎ কিনিব লাগে ৷ যিহেতু সকলোৱে বিদ্যুৎ মাচুল বেছি দিব লাগে সেয়ে মই বিচাৰোঁ যে, তেওঁলোকে সোনকালে উৎপাদন আৰম্ভ কৰিব লাগে ৷ তেতিয়া আমি 10 টকাত বিদ্যুৎ কিনাৰ বিপৰীতে 5 টকাত বিদ্যুৎ লাভ কৰিম বুলি মন্তব্য কৰে তেওঁ৷ আনহাতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত খহনীয়া হোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় যে, সেই বিষয়টো বিজ্ঞানী সকলে চাব ৷

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তেজপুৰত কয় যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মেডিকেল কলেজত অধ্যয়নৰ বাবে 30 খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ বৃহস্পতিবাৰে ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন কৰি তেওঁ চাহ বাগিচাৰ লোকৰ বাবে অসম চৰকাৰে 4 শতাংশ চৰকাৰী চাকৰিত আসন সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাচতেই মুখ্যমন্ত্ৰীজনে তেজপুৰৰ সোণাবিল চাহ বাগিচাৰ আন এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মেডিকেল কলেজত অধ্যয়নৰ বাবে 30 খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

চাহ বাগিচাৰ লোকৰ বাবে মেডিকেলৰ জি এন এম আৰু এ এন এম নাৰ্ছৰ বাবে 100 টা পদ সংৰক্ষণ কৰা হৈছে বুলিও কয় তেওঁ ৷ আনহাতে ৰাজ্যত 25 জুনৰ ভিতৰত মুঠ 38 খন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰা হ’ব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: Constituency delimitation: নিজকে জনমানসত সৰু নকৰিব; অখিল গগৈলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.