ETV Bharat / state

ভেকচিন আৱিস্কাৰ নোহোৱালৈকে ৰাইজক সজাগ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাইজৰ সহযোগত অসম চৰকাৰে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ৰাইজক পৰিস্কাৰ পৰিছন্নতা বৰ্তাই ৰখাৰ আহ্বান ৷

author img

By

Published : Jun 11, 2020, 8:49 PM IST

Cm asks people to stay aware until vaccine comes
ৰাইজক পৰিস্কাৰ পৰিছন্নতা বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

চতিয়া, ১১ জুনঃ বৃহস্পতিবাৰে চতিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যত কোভিড-19 ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাগত ভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লক ডাউনৰ সময়সীমা আৰু বৃদ্ধি কৰা হ’ব নেকি এই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,যেতিয়ালৈকে এই ৰোগৰ ভেকচিন আৱিস্কাৰ নহয়,তেতিয়ালৈকে ৰাইজে সামাজিক দুৰত্ব অৱলম্বন কৰা,মাস্ক পৰিধান কৰা আদি সাৱধানতা অৱলম্বন কৰি এই ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ শিকিব লাগিব ৷ সকলো ৰাইজকে পৰিস্কাৰ পৰিছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসমৰ ৰাইজৰ সহযোগত অসম চৰকাৰে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷

লগতে পঢ়কঃ মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.