ETV Bharat / state

Basudev Namghar satra bi centenary programme: নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাৱে চলি আছে: ননীগোপাল দেৱগোস্বামী - নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাৱে চলি আছে

ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক অৱনমিত নোহোৱাকৈ ধৰি ৰখা হয় ৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰে ৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি । ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা, আচাৰ-ব্যৱহাৰ লাগে । যি নীতিয়ে জ্ঞান দিয়ে সেয়াই ধৰ্ম আৰু মানি ল’ব নোৱাৰা নীতি হ’লেই অধৰ্ম হয় (Basudev Namghar satra bi centenary programme) ৷

closing ceremony of bi centenary of Basudev satra
দ্বি-শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি অনুষ্ঠান
author img

By

Published : Feb 7, 2023, 7:06 PM IST

তেজপুৰ,৭ ফেব্ৰুৱাৰী: নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাৱে চলি আছে ৷ এই মন্তব্য দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ (Dakshinpat satra satradhikar Nanigopal Devgoswami) ৷ উল্লেখ্য যে ৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাট, ধূণাগুৰি, উলুবাৰীৰ দ্বি-শতবাৰ্ষিকী অনুষ্ঠানৰ সোমবাৰে সন্ধিয়া সামৰণি পৰে (Basudev Namghar satra bi centenary programme) ৷

closing ceremony of bi centenary of Basudev satra
দ্বি-শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি অনুষ্ঠান

সোমবাৰে বিয়লি অনুষ্ঠিত মুকলিসভাত হেজাৰোধিক ভক্ত-বৈষ্ণৱ তথা ৰাইজৰ উপস্থিতিত সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে লগতে কয়, মানৱ জীৱনৰ লক্ষ্য হৈছে মুক্তি ৷ মুক্তি পাবলৈ সমাজত আধ্যাত্মিক গুৰুৰ জন্ম হ'ল (closing ceremony of bi centenary of Basudev satra) ৷ শৰণ-ভজনৰ ব্যৱস্থা হ’ল ৷ সমাজ আৰু পৰিয়ালক আগবঢ়াই নিবপৰাকৈ মানুহ উপযুক্ত হৈ উঠিল ৷

মানৱ জীৱনৰ তত্ত্ব ব্যাখ্যা কৰাৰ লগতে পঞ্চতত্ত্বৰ বিষয়েও উল্লেখ কৰি তেওঁ আৰু কয় যে বান্দৰ হৈ জন্ম হোৱাৰ পিচতহে জীৱই মানুহৰ জন্ম পায় ৷ কিন্তু মানুহ হোৱাৰ পিচত কি হ’ব বা কি হৈ জন্ম ল’ব, সেয়া ভগৱানৰ হাতত নাথাকিল ৷ কাৰণ মানুহৰ কৰ্মইহে সেয়া নিৰ্ধাৰণ কৰিব, পৰমাত্মাই নিৰ্ণয় কৰিব ৷ সেয়ে যদি আমাৰ কৰ্ম সঠিক হয়, আমাৰ লক্ষ্যও সুদৃঢ় হয় ৷ আনহাতে, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে সভাপতিৰ আসনৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দিনৰে পৰাই নামঘৰ আৰু সত্ৰসমূহে মানুহৰ মাজত শৈক্ষিক, সামজিক আৰু সাংস্কৃতিক সমন্বয় স্থাপন কৰাত গুৰুত্বপৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷

সেয়ে, মহাপুৰুষ দুজনাৰ জীৱন-কীৰ্তি আৰু কৰ্মৰাজি মানৱ সমাজত অনন্তকাললৈকে প্ৰবাহিত হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে ৷ বৰ্তমানৰ উন্নত বিজ্ঞান-প্ৰযুক্তিবিদ্যা সুলভ হৈ পৰাৰ সময়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই এখন সমাজক সুসংগঠিত কৰি ৰাখিছে, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয়, শ্ৰদ্ধা-ভক্তি, ন্যায় আৰু সমতা স্থাপন কৰিছে ৷ স্থানীয় যুৱক বেদান্ত বড়োৱে আঁত ধৰা সভাখনত সামজসেৱক তথা শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং উপস্থিত থাকে ৷

আয়োজক সমিতিয়ে সমবায় পৰিদৰ্শক দীপ বড়ো, উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনীকান্ত বড়ো, বেদান্ত বড়ো, হিৰণ্য বড়ো আদিৰ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিওৱা ‘ভক্তি প্ৰদীপ’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাতাচ ওৰাঙে ৷ উল্লেখ্য, মুকলিসভাৰ পূৰ্বে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ৷ হৰিধ্বনি আৰু খোল-তাল, শংখ-ডবাৰ মাজত হেজাৰোধিক ভক্ত-বৈষ্ণৱে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

সকলো জনগোষ্ঠীৰ লোকনৃত্য তথা লোকাচাৰ প্ৰতিফলিত হোৱা শোভাযাত্ৰা মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত দাসে ৷ বক্তব্যত তেওঁ বাৰেৰহণীয়া সংস্কৃতিৰ সমন্বয়ৰ বিষয়ে ব্যাখ্যা কৰে ৷ মন কৰিবলগীয়া যে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক খোল-তাল, চাকি-বন্তিৰে আগবঢ়াই অনাৰ সময়ত ভক্ত-বৈষ্ণৱসকলে সেৱা লৈ সত্ৰাধিকাৰজনক প্ৰদান কৰা শ্ৰদ্ধা আৰু ভক্তি স্বাভাৱিকতে স্মৰণীয় ৷

এনে আদৰ-আতিথ্য, সন্মানে সত্ৰাধিকাৰগৰাকী যে প্ৰকৃততে ভগৱানৰ প্ৰতিনিধি, সেই কথা দৃঢ়তাৰে বিশ্বাস কৰা ভৈকত-বৈষ্ণৱ ৰাইজে সন্ধিয়া অনুষ্ঠিত কৰে ‘কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ’ শীৰ্ষক ভাওনা ৷ উল্লেখ্য যে ১৮১৭ চনতে স্থাপিত নামঘৰটোৱে দুশ বছৰ অতিক্ৰম কৰিলে ৷ মানৰ বৰ্বৰ আক্ৰমণৰ সময়তে মাজুলীৰ এজন বৈষ্ণৱ ভকতে মানৰ অত্যাচাৰত বিভিন্ন ঠাইৰ পৰা অহা ৰাইজক ধূণাগুৰিতে নিগাজীকৈ বসবাস কৰাৰ পৰামৰ্শ প্ৰদান কৰি নামঘৰটো প্ৰতিষ্ঠা কৰি ভগৱানক প্ৰাৰ্থনা জনাবলৈ কৈছিল ৷ তেতিয়াৰে পৰাই আজি পৰ্যন্ত ভক্তি-আৰাধনা অব্যাহত আছে ৷

লগতে পঢ়ক: Tet teacher regularisation: ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.