ETV Bharat / state

ঢোল-পেঁপা-গগনাৰ শব্দত মুখৰিত চাৰিদুৱাৰ

চাৰিদুৱাৰত সামৰণি পৰিল বিহুনৃত্য আৰু ঢোলবাদনৰ 15 দিনীয়া কৰ্মশালা ৷ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত চাৰিদুৱাৰ
author img

By

Published : Apr 20, 2019, 2:20 PM IST

ৰঙাপৰা , 20 এপ্ৰিল : ঢোল-পেঁপা আৰু গগনাৰ শব্দত মুখৰিত হ'ল চাৰিদুৱাৰ অঞ্চল ৷ শুকুৰবাৰে 15 দিনীয়া কাৰ্যসূচীৰে চাৰিদুৱাৰত অনুষ্ঠিত হোৱা বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ সামৰণি পৰে ৷

ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত চাৰিদুৱাৰ

থলুৱা কলা-কৃষ্টি-সংস্কৃতি প্ৰসাৰতাৰে সমাজত চলিত বিজতৰীয়া অপসংস্কৃতি ৰোধ কৰাৰ যৎকিঞ্চিৎ প্ৰয়াস কৰাৰ উদ্দেশ্যৰে বালিপৰা ছাত্ৰ সন্থা আৰু অসম সেনাৰ উদ্যোগত চাৰিদুৱাৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত 15 দিনীয়া কাৰ্যসূচীৰে বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হৈছিল ৷ শুকুৰবাৰে এই বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি পৰে ৷ এই কৰ্মশালা সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি আছুৰ কেন্দ্ৰীয় বিষয়বৱীয়া, জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু সহযোগী সংগঠন সমুহৰ নেতৃবৃন্দ উপস্থিত থাকে ৷ লগতে অনুষ্ঠানখনত জনপ্ৰিয় অভিনেত্ৰী তথা বিহুকুঁৱৰী তৃষ্ণা কুৰ্মী উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলৰ সৈতে বিহু নৃত্যত অংশ গ্ৰহণ কৰে ৷ ইপিনে উদ্যোক্তা সকলে কৰ্মশালাত অংশ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰে ৷ ইয়াৰোপৰিও এই অনুষ্ঠানত 18 গৰাকী স্থানীয় চিকিৎসকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Intro:ঢোল-পেঁপা-গগনা শব্দৰে মুখৰিত হল চাৰিদুৱাৰ অঞ্চলঃ সামৰণি পৰিল বিহুনাচ আৰু ঢোলবাদনৰ ১৫ দিনীয়া কৰ্মশালা।Body:ৰঙাপৰাঃ ঢোল-পেঁপা-গগনা শব্দৰে মুখৰিত হল চাৰিদুৱাৰ অঞ্চল। থলুৱা কলা-কৃষ্টি-সংস্কৃতি প্ৰসাৰতাৰে সমাজত চলিত বিজতৰীয়া অপসংস্কৃতি ৰোধ কৰাৰ যৎকিঞ্চিত প্ৰয়াস কৰাৰ উদ্দেশ্যৰে বালিপৰা ছাত্ৰ সন্থা আৰু অসম সেনাৰ উদ্যোগত চাৰিদুৱাৰ কেন্দ্ৰীয় নামঘৰ প্ৰঙ্গনত অনুষ্ঠিত হয় বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা। ১৫ দিনৰ অন্তত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি আছুৰ কেন্দ্ৰীয় বিষয়বৱীয়া, জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু সহযোগী সংগঠনসমুহৰ নেতৃবৃন্দ উপস্থিত আছিল। অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী ও বিহুকুৱৰী তৃষ্ণা কুৰ্মী উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলৰ সৈতে বিহু নৃত্যত অংশ গ্ৰহণ কৰে।কৰ্মশালাত অংশ গ্ৰহন প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰে উদ্যোক্তাসকলে। ইফালে অনুষ্ঠানত ১৮ গৰাকী স্থানীয় চিকিৎসকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.