ETV Bharat / state

ৰঙাপৰা আৰক্ষী চকী চৌহদ উত্তাল আটছাৰ

author img

By

Published : Mar 15, 2020, 8:13 AM IST

প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে শনিবাৰে ৰঙাপৰা আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে আটছাৰ সদস্যসকলে ৷

আৰক্ষী চকী চৌহদ উত্তাল আটছাৰ
আৰক্ষী চকী চৌহদ উত্তাল আটছাৰ

ৰঙাপৰা, 14 মাৰ্চঃ শনিবাৰে ৰঙাপৰা আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে আটছাৰ সদস্যসকলে ৷ প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীসকলৰ ৷ আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য অজয় তাঁতীয়ে প্ৰকাশ কৰা অনুসৰি আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে কালি ৰঙাপৰা আৰক্ষী থানাত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অজয় তাঁতীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷ এই কথা গম পাই বিষয়টো জানিবলৈ ৰঙাপৰা আৰক্ষী থানাত আটছাৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত হোৱাৰ পিচত এনে পৰিস্থিতিৰ উদ্ভৱ হয় ৷ বিষয়টোৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া গৰাকীৰ সৈতে আলোচনা কৰাত বিষয়া গৰাকীয়ে গুৰুত্ব প্ৰদান নকৰি আটছাৰ বিষয়ববীয়া তথা সদস্য সকলক অপদস্থ কৰে বুলি মন্তব্য কৰে আটছাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাঁতীয়ে ৷ যাৰ বাবে অতি শীঘ্ৰে আৰক্ষী থানাৰ বিষয়া গৰাকীক বদলি কৰি এগৰাকী সৎ বিষয়াক নিযুক্তি দিবলৈ দাবী জনায় আটছাৰ বিষয়ববীয়াসকলে ৷

ৰঙাপৰা আৰক্ষী চকী চৌহদ উত্তাল আটছাৰ

লগতে পঢ়কঃ নিৰ্বাচনী হিংসা : নিকাছিত থকা বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.