তেজপুৰ, ২৮ জুলাইঃ সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহ সমূহ বিগত চাৰিমাহৰো অধিক সময় সমূলি বন্ধ হৈ আছে । দেশৰ লক ডাউনৰ প্ৰভাৱত বাৰুকৈয়ে জুৰুলা হৈ পৰিছে এই উদ্যোগত কৰ্মৰত লোকসকল । কিন্ত কেন্দ্ৰীয় চৰকাৰে শেহতীয়া কৈ আনলক তৃতীয় পৰ্যায়ত এই ছবিগৃহ সমূহ খোলাৰ বাবে আলোচনা চলাই আছে ছবি গৃহৰ স্বত্বাধিকাৰী সকলৰ সৈতে ।
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে মালিক সকলৰ মাজত এক আলোচনা অব্যাহত ৰাখিছে যাতে 25% দৰ্শনাৰ্থী লৈ এই ছবি গৃহ সমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পাৰে ৷ অৱশ্যে মালিকসকলে 40% দৰ্শকেৰে ছবি গৃহ চলোৱাৰ অনুমতি বিচাৰিছে যদিও এই মুহূৰ্তত কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৷
ইফালে ৰাজ্যত পূৰ্বৰ তুলনাত কৰ'ণা মহামাৰীৰ সংখ্যা বহুখিনি বৃদ্ধি পাইছে ৷ শোণিতপুৰ জিলাতেই ইয়াৰ সংখ্যা 900 অতিক্ৰম কৰিলে ৷ তেনেস্থলত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই উদ্যোগ পুনৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেইয়া সময়তহে পৰিলক্ষিত হ'ব ৷
মালিকসকলে জনাইছে যে যদি ছবি গৃহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰে,তাৰ বাবে পূৰ্বতকৈ অধিক দৃষ্টি নিক্ষেপ কৰিব দৰ্শকৰ ওপৰত ৷ প্ৰত্যক্ষ দৰ্শনাৰ্থী য়ে নিজৰ মোবাইলৰ জৰিয়তে টিকট সংগ্ৰহ কৰিব পাৰিব আৰু "অৰোগ্য সেতু" এপ লগত ৰখাটো বাধ্যতামূলক কৰিব ৷