ETV Bharat / state

পুনৰ ভাৰতীয় সীমাত প্ৰৱেশ চীনা সৈন্যৰ

শেহতীয়াকৈ পোহৰলৈ আহিছে চীনা সৈন্যৰ ভয়ংকৰ আগ্ৰাসী নীতি ৷ 2018 চনত দিবাং ভেলী, বিগত 22 জুলাইত অৰুণাচলৰ হলি জলপ্ৰপাত, আৰু শেহতীয়াকৈ একেটা স্থানতে পুনৰ প্ৰৱেশ কৰিছে চীনা সৈন্যই ৷ অৱশ্যে ভাৰতীয় সেনাই খেদি পঠিয়াবলৈ সক্ষম হয় চীনা সৈন্যৰ দলটোক ৷

পুনৰ ভাৰতীয় সীমাত প্ৰৱেশ চীনা সৈন্যৰ
author img

By

Published : Aug 28, 2019, 8:16 PM IST

তেজপুৰ, 28 আগষ্টঃ পুনৰ ভাৰতীয় সীমান্তত প্ৰৱেশ চীনা সৈন্যৰ ৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰে চীনা সৈন্যৰ এটা দলে ৷ ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰ'ডছ অৰ্গেনাজেশ্বনৰ অধীনত উক্ত স্থানত চলি থকা এক নিৰ্মাণকাৰ্যত বাধা দিবলৈ এইদৰে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতৰ ভূমিত প্ৰৱেশ কৰে চীনা সৈন্যৰ দলটোৱে ৷ অৱশ্যে ভাৰতীয় সেনাই খেদি পঠিয়াবলৈ সক্ষম হয় চীনা সেনাৰ দলটোক ৷

উল্লেখ্য যে, ডোকলামৰ পিচতে অৰুণাচল সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাই আহিছে চীনা সৈন্যই ৷ ইয়াৰ পূৰ্বেই 2018 চনৰ ছেপ্তেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত কেম্প পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷ চলিত বৰ্ষৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷

পুনৰ ভাৰতীয় সীমাত প্ৰৱেশ চীনা সৈন্যৰ

শেহতীয়াকৈ মঙলবাৰে ভাৰতীয় সেনাৰ উপ-মুখ্য সেনাধ্যক্ষ মনোজ মুকুন্দ নাৰাভানে কলিকাতা এখন সংবাদমেলত ভাৰতীয় সেনাই চীনৰ আগ্ৰাসন সহ্য নকৰে বুলি কৈছিল ৷ চীনা সৈন্যই যদি 100 বাৰ প্ৰৱেশ কৰে ভাৰতীয় সেনাই 200 বাৰ প্ৰৱেশ কৰাৰ সক্ষমতা ৰাখিছে ৷ 1962 চনৰ নীতি এতিয়া আৰু নাই, ভাৰতীয় সেনাই এতিয়া বুৰঞ্জী পুনৰাবৃত্তি নকৰে, ভাৰতীয় সেনাৰ বাবে বহুতৰ বুৰঞ্জী হৈ পৰিব ৷

Intro:EXCLUSIVE

পুনৰ পশ্চিম অৰুনাচল প্ৰদেশত চীনা সৈন্যৰ বৃহৎ দল ", মুখামুখি ভাৰতীয় সৈন্যৰ লগত ৷

তেজপুৰ,২৮ আগষ্ট : পুনৰ চীনা সৈন্যৰ দল অৰুনাচলৰ ভূমিত ৷ বাৰে বাৰে চীনা সৈন্যৰ দল অৰুনাচল প্ৰদেশত ৷
ৰঙা চীনৰ সেন চকু অৰুনাচলৰ ভূমিত (!) ৷ পুনৰ ভাৰত চীন সিমান্ত অৰুনাচল প্ৰদেশত চীনা সৈন্যৰ মুখামুখি ভাৰতীয় সৈন্য ৷ বাৰে বাৰে চীনা সৈন্যৰ এই ভিডিঅ ভাইৰেল অৰুনাচল প্ৰদেশত ৷

হৰ্থাৎ সীমান্তত উপস্থিত ৰঙা চীনৰ বৃহৎ সৈন্যৰ দল ৷ এজন স্থানীয় লোকৰ মতে এই ঘটনা জুলাই মাহৰ শেষ সময়ত ৷
এইবাৰো একেই স্থান পশ্চিম অৰুনাচল প্ৰদেশৰ টাৱাং জিলাৰ জং মহকুমাৰ
" টাচৌ" গাৱৰ সমীপত "হলি জলপ্ৰপাতৰ" "য়াংকিয়ন", সীমান্তত ( Tsocho village under holi water yangkione border) ৷ দুয়োপাৰে দুয়োখন দেশৰ সেনাৰ দল , পাৰ হবলৈ চেষ্টা নেকি চীনা সৈন্যৰ (!) ৷ উক্ত সীমান্তত অন্তৰগত বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে সীমান্তৰ এটা পথ নিৰ্মান কৰিছে ৷
Body:উল্লেখযোগ্য যে ইয়াৰ আগতে 2018 চনৰ চেপ্তেম্বৰ মাহত চীনা সৈন্যই কেম্প পাতি আছিল অৰুনাচল প্ৰদেশৰ দিবাং ভেলিৰ সমীপত , এই ঘটনা পোহৰলৈ আহিছিল অক্টোবৰ মাহত আৰু একমাত্ৰ ETV BHARAT তে প্ৰথম সম্প্ৰচাৰ কৰিছিল এই ঘটনা ৷ যোৱা ২২ জুলাইত "হলি জলপ্ৰপাতৰ" চীনাসৈন্যৰ দলৰ উপস্থিতি প্ৰকাশ পাইছিল ETV BHARATAT ৷
কিন্ত পূৰ্বে ডোকলামতো এমাহ ধৰি চীনা সৈন্যৰ মুখামুখি হৈ আছিল ভাৰতীয় সৈন্যৰ ৷
জানিব পৰা মতে চীনা সৈন্যৰ দল "হলি জলপ্ৰপাতৰ ", সমীপত "য়াংকিয়ন ", বৰ্ডাৰৰ ওচৰত আহি মুখামুখি হৈছিল ভাৰতীয় সৈন্যৰ লগত ৷
কিন্ত অৰুনাচল প্ৰদেশত আন্তঃ ৰাষ্টীয় সীমান্তত চীনা সৈন্যই সঘনাই পদাৰ্পন কৰা ঘটনাই এক প্ৰশ্নৰ উদ্দেগ জন্মাইছে অৰুনাচল বাসীৰ মাজত ৷
Conclusion:আনহাতে মঙ্গলবাৰে কলকটাত ভাৰতীয় সেনাবাহিনীৰ ইষ্টান কামাণ্ডৰ বিষয়াই সংবাদ মাধ্যমক মন্তব্য কৰে যে চীনা সৈন্যই যদি ১০০ বাৰ সীমান্তত প্ৰবেশ কৰে , ভাৰতীয় সৈন্যই ২০০ বাৰ অতিক্ৰম কৰাৰ ক্ষমতা আছে ৷ ১৯৬২ চনৰ নীতি এতিয়া আৰু নাই ,এই মন্তব্য লেঃ জেঃ এম এম নাৰাভানে ভাৰতীয় সেনাৰ উপ মুখ্য সেনা প্ৰধান তথা ইষ্টাৰন কামাণ্ডৰ মূৰব্বীৰ ৷

প্ৰনৱ কুমাৰ দাস
তেজপুৰ ৷
২৮/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.