ETV Bharat / state

অৰুণাচলত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহ

author img

By

Published : Jun 19, 2020, 8:53 PM IST

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ শ্বেৰগাঁৱত চীনৰ ৰাষ্ট্ৰপতি জিং পিঙৰ প্ৰতিমুৰ্তি দাহ কৰাৰ লগতে জন সাধাৰণক আহ্বান জনোৱা হৈছে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ । চীনৰ সেনা বাহিনীৰ এই বৰ্বৰতাক নিন্দা কৰি পশ্চিম কামেং জিলাৰ ইণ্ডিজেনিয়াচ পিপ’লছ ফ’ৰামৰ সাধাৰণ সম্পাদক পাছচাং ডিঙলাই জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

Chinese pez effigy burn tezpur sonitpur assam etv bharat news
চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহ

তেজপুৰ,19 জুন: বিগত 15 জুনত গলৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত চীনে কৰা বৰ্বৰ অত্যাচাৰত শ্বহীদ হৈছিল বিশগৰাকী ভাৰতীয় সেনা জোৱান ৷ এই জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে চীনৰ সেনা বাহিনীৰ এই বৰ্বৰতাক নিন্দা কৰি পশ্চিম কামেং জিলাৰ ইণ্ডিজেনিয়াচ পিপ’লছ ফ’ৰামৰ সাধাৰণ সম্পাদক পাছচাং ডিঙলাই কয় যে,ভাৰতীয় সেনাৰ প্ৰতিগৰাকী সৈনিক এই দুখৰ সমভাগী ৷

চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহ

আনহাতে, প্ৰদেশখনৰ কেইবাটাও ঠাইত ইতিমধ্যে চীনা সামগ্ৰী বেচা-কিনা বন্ধ কৰিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে ডিঙলাই । এক ছ’চিয়েল মেডিয়াৰ জৰিয়তে চীনা সামগ্রী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে 50,000 টকাৰ জৰিমনা বিহাৰ এক জাননী জাৰি কৰা হৈছে ৷ এতিয়া হিমালয়ৰ পাদদেশৰ ভাৰত-চীন সীমান্তৰ পাহাৰীয়া ৰাজ্য অৰুণাচলত একপ্ৰকাৰ জাঙুৰ খাই উঠিছে সকলো জনসাধাৰণ ৷

লগতে চাওকঃ অহা নিৰ্বাচনত কংগ্ৰেছ হ'ব ডিজিটেলাইজ : আৰ পি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.