ETV Bharat / state

ভাৰতৰ বিৰুদ্ধে চীনৰ কূটনৈতিক কৌশল; অৰুণাচলী যুৱকক চীনৰ পি এল এত ভৰ্তিৰ চেষ্টা - অৰুণাচল প্ৰদেশ

ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ কিছু যুৱকক চীনে পি এল এত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টাৰ চলাই আছে ৷ এই খবৰ প্ৰকাশ পোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ অৰুণাচল ৷ চীনৰ এই কূটনৈতিক ষড়যন্ত্ৰ বিৰুদ্ধে ভাৰতীয় প্ৰতিৰক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী মিনং এৰিঙৰ ৷

china tries to recruit youth from arunachal pradesh
ভাৰতৰ বিৰুদ্ধে চীনৰ কূটনৈতিক কৌশল
author img

By

Published : Aug 6, 2021, 10:25 PM IST

তেজপুৰ, ৬ আগষ্ট : ভাৰত-চীন সীমান্তৱৰ্তী কিছু যুৱকক চীনে পি এল এত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টাৰ এক খবৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰাৰ পাচতে অৰুণাচল প্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ Guarding India নামৰ এটা ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি চীন চৰকাৰে অৰুণাচল প্ৰদেশৰ একাংশ যুৱকক চীনৰ পিপলছ লিবাৰেচন আৰ্মীত ভৰ্তি কৰাৰ পৰিকল্পনা কৰিছে ৷ লগতে অৰুণাচল সীমান্তৰ তিব্বতী আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱকক অস্ত্ৰশস্ত্ৰ প্ৰদান কৰি গোপনে সামৰিক প্ৰশিক্ষণ দিয়াৰো চেষ্টা কৰিছে চীন চৰকাৰে ৷

ভাৰতৰ বিৰুদ্ধে চীনৰ কূটনৈতিক কৌশল

এই খবৰ প্ৰকাশ পোৱাৰ পাচতে অধিক আতংকিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ জন সাধাৰণ ৷ ভাৰতৰ বিৰুদ্ধে চীনৰ এই কূটনৈতিক কৌশলৰ বিৰোধিতা কৰি শেহতীয়াকৈ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙে ৷ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,"যদি এই তথ্য সঁচা হয় তেন্তে ভাৰতৰ বিৰুদ্ধে চীনৰ এই প্ৰচেষ্টা এক ডাঙৰ ষড়যন্ত্ৰ" ৷

লগতে পঢ়ক: অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং

এৰিঙে কয়, চীনে যদি এই পন্থা অৱলম্বন কৰিছে এইয়া পৰিতাপৰ বিষয় ৷ ভাৰতীয় প্ৰতিৰক্ষা বিভাগে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন আছে ৷ চীনৰ এই কূটনৈতিক ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিবৰ বাবে অতি সোনকালে ভাৰতীয় প্ৰতিৰক্ষা বিভাগে অৰুণাচলীৰ যুৱকক ভাৰতীয় সৈন্যত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই নিনং এৰিঙে ৷

সাংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি চীনে অৰুণাচলৰ যুৱক-যুৱতীসকলক চীন পিপলছ লিবাৰেচন আৰ্মীত নিয়োগ কৰি অৰুণাচল প্ৰদেশক চীনৰ অংশ কৰি ল'বলৈ চেষ্টা কৰি আছে । চীনে পূৰ্বৰে পৰা অৰুণাচল প্ৰদেশত ভাৰতীয় সেনা তথা ভাৰত বিৰোধী এক ঢৌ সৃষ্টি কৰিবলৈ বিচাৰি আছে ৷ যদি ভাৰতীয় সেনাৰ তৰফৰ পৰা এই বিষয়ত স্পষ্টকৈ কোনো মতামত প্ৰকাশ তথা ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে চীনৰ এই ষড়যন্ত্ৰই ভাৰতৰ বিৰুদ্ধে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে নিনং এৰিঙে ৷

লগতে পঢ়ক:চীনক প্ৰত্যাহ্বান জনাবলৈ অৰুণাচল সীমান্তত সাজু ভাৰতীয় সেনা

গোগ্ৰা অঞ্চলৰ পৰা ভাৰত-চীনৰ সেনা প্ৰত্যাহাৰ

শেহতীয়াকৈ ভাৰতীয় সেনাই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰা তথ্য অনুসৰি ভাৰত আৰু চীনৰ কৰ্পছ কমাণ্ডাৰসকলৰ মাজত দ্বাদশ পৰ্যায়ৰ এক বৈঠক অনুষ্ঠিত হয় ৷ 31 জুলাই তাৰিখে পূৱ লাডাখৰ চুচুল মোলডো মিটিং পইণ্টত দুই দেশৰ সেনাৰ কৰ কামাণ্ডাৰ পৰ্যায়ৰ এই বৈঠক ৷ এই বৈঠকতে দুয়োখন দেশেই গোগ্ৰা অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বৈঠকত লোৱা সিদ্ধান্ত অনুসৰিয়ে ৪ আৰু ৫ আগষ্টত দুয়োখন দেশৰ সৈন্য প্ৰি-ষ্টেণ্ড অফ পিৰিয়ডলৈ উভতি গৈছে ৷ উক্ত বৈঠকতে ভাৰত-চীন সীমান্ত অঞ্চলৰ পশ্চিম খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সৈতে সম্পৰ্কিত অৱশিষ্ট অঞ্চলসমূহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োপক্ষৰ মাজত স্পষ্ট আৰু গভীৰ মত বিনিময় হয় ৷

লগতে পঢ়ক: ভাৰত-চীনৰ সীমান্ত বিবাদক লৈ সংসদ কঁপাব বিৰোধীয়ে

সেনাৰ প্ৰেছ বিবৃতিত উল্লেখ কৰা তথ্য মতে এই দুয়োখন দেশৰ এক চুক্তি অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) দুয়োপক্ষৰ দ্বাৰা মানি চলিব আৰু দুয়োটা পক্ষৰ দ্বাৰা এই সিদ্ধান্ত লোৱা হৈছে ৷ বৈঠকত দুয়োটা পক্ষই আলোচনা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ পৰৱৰ্তী সময়ত পশ্চিম খণ্ডত এলএচিৰ সৈতে জড়িত বাকী সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব বুলি সেনাই প্ৰেছ বিবৃতিটোত উল্লেখ কৰে ৷

লগতে পঢ়ক:অৰুনাচলত উপস্থিত হৈ চীনক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.