ETV Bharat / state

India China Conflict : অৰুণাচলৰ ১১ স্থান পুনৰ চীনৰ নামকৰণ

author img

By

Published : Apr 4, 2023, 12:08 PM IST

অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক নিজৰ বুলি ঘোষণা ৰঙা চীনৰ (China renaming 11 places in Arunachal Pradesh) । এই ১১ খন স্থানৰ নিজা নামকৰণ চীনৰ । চীনৰ চৰকাৰী মুখপাত্ৰ গ্লোবেল টাইমছৰ এই ঘোষণা ।

China aggression
China aggression

তেজপুৰ, ৪ এপ্ৰিল : ৰঙা চীনৰ পুনৰ শেনচকু ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ওপৰত (China aggression in Arunachal Pradesh) । চীনৰ চৰকাৰী মুখপাত্ৰ ৰাজ্যিক গ্লোবেল টাইমছৰ (China state Global Times) জৰিয়তে চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ তৰফৰ পৰা এইবাৰ অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক দক্ষিণ তিব্বতৰ অধীনত বুলি ঘোষণা কৰিছে (China renaming 11 places in Arunachal Pradesh) । নদী,পৰ্বত, সমতল ভূমি আৰু আবাসিক অঞ্চল তেওঁলোকে এই নামৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ।

ই অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ তৃতীয়বাৰৰ বাবে স্থান অধিকাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে ২০১৭ চনত প্ৰথমবাৰৰ বাবে চীনৰ বৈদেশিক বিভাগে ছয়খন ঠাই দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰিছিল । তাৰ পিছত দ্বিতীয় তালিকাত ২০২১ চনত ১৫ টা স্থানৰ নাম প্ৰকাশ কৰিছিল । আৰু সোমবাৰে পুনৰ ১১ টা স্থানৰ নামৰ তালিকা প্ৰকাশ কৰিছে ।

উল্লেখ্য, ভাৰত ৰাষ্ট্ৰ পুনৰ দখল কৰাৰ উদ্দেশ্যে চীনে অৰুণাচল প্ৰদেশৰ চহৰসমূহৰ নাম চীনা, তিব্বতী, পিনয়িন আখৰৰ তৃতীয়টো ছেট প্ৰকাশ কৰিছে । চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনৰ মন্ত্ৰীসভাই জাৰি কৰা ভৌগোলিক নামৰ নিয়ম অনুসৰি 'তিব্বতৰ দক্ষিণ অংশ জাংনান' বুলি কোৱা অৰুণাচল প্ৰদেশৰ বাবে ১১ টা স্থানৰ মানক নাম দেওবাৰে প্ৰকাশ কৰে । মন্ত্ৰালয়ে ১১টা স্থানৰ চৰকাৰী নাম প্ৰকাশ কৰি দুটা ভূমি এলেকা, দুটা আৱাসিক এলেকা, পাঁচটা পৰ্বতৰ চূড়া আৰু দুখন নদীকে ধৰি নিৰ্দিষ্ট স্থানাংক প্ৰদান কৰে । তাত আৰু স্থানৰ নাম আৰু ইয়াৰ অধীনস্থ প্ৰশাসনিক জিলাৰ শ্ৰেণীসমূহ তালিকাভুক্ত কৰা হৈছিল ।

উল্লেখ্য, অৰুণাচল সীমান্তত চীন-ভাৰত সংঘাতে বিভিন্ন সময়ত উক দি আহিছে । বিশেষকৈ অৰুণাচলৰ ভাৰত-চীন সীমান্তত চীনা বাহিনীৰ আগ্ৰাসন, অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি নিৰ্মাণকাৰ্য চলোৱা, গাঁও নিৰ্মাণ আদি উপগ্ৰহীয় চিত্ৰত ইতিমধ্যে পোহৰলৈ আহিছে । তাৰ মাজতে শেহতীয়াভাৱে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে শেহতীয়াভাৱে চীনা সেনাৰ সৈতে ভাৰতীয় সেনাই সমুখ সমৰত লিপ্ত হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে । তেনে পৰিপ্ৰেক্ষিতত তৃতীয়বাৰৰ বাবে চীনে অৰুণাচলৰ ১১ খনকৈ স্থান নিজৰ নামত নামকৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰৱৰ্তী সময়ত ভাৰতৰ তৰফ পৰা এই সন্দৰ্ভত কেনে পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Mughals leave UP: উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাতিল মোগলৰ অধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.