ETV Bharat / state

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

author img

By

Published : Jan 18, 2021, 7:34 PM IST

Updated : Jan 18, 2021, 8:31 PM IST

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইৰ লেন্সি নদীৰ পাৰত চীনে জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ সমান্তৰালভাবে ঘাইপথ নিৰ্মাণ কৰিছে ৷ সাংসদ তাপীৰ গাৱে প্ৰকাশ কৰিছে এই তথ্য ৷

china construction
china construction

তেজপুৰ, ১৮ জানুৱাৰী : ৰঙা চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত উজনি সোৱণশিৰী জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন কৰাৰ লগতে নিৰ্মাণ কৰে সুগম পথ । পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱে সোমবাৰে প্ৰকাশ কৰে এই তথ্য । উল্লেখ্য যে, ৰঙা চীনৰ বাবে এইয়া কোনো নতুন কথা নহয়, 1984 চনৰ পৰা একাদিক্ৰমে ভাৰতৰ ভূমি অধিগ্ৰহণ কৰি বৰ্তমান অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কাৰ্য কৰি আহিছে ৰাষ্ট্ৰখনে ।

china construction
তাপিৰ গাৱ

সোমবাৰে বিয়লি বিজেপিৰ সাংসদগৰাকীয়ে ইটিভি ভাৰতক টেলিফোনযোগে জনায় যে উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইৰ লেন্সি নদীৰ পাৰত চীনে জল বিদ্যুৎ উৎপাদন প্ৰকল্পৰ সমান্তৰালভাৱে ঘাইপথ নিৰ্মাণ কৰে । ইয়াৰ পূৰ্বে চীনে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত বুমলা পাচৰ সমীপত কেইবাটাও ঘৰৰ সৈতে এখন গাঁও স্থাপন কৰাৰো তথ্য পোহৰলৈ আহিছে । তাৰ পিছতে সমান্তৰালভাৱে চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভাৰতীয় সীমা অতিক্ৰম কৰি পথ নিৰ্মাণ, গাঁও স্থাপন কৰাৰ পাছত এইবাৰ জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ নিৰ্মাণৰ কথা সদৰী কৰে সাংসদ তাপীৰ গাৱে । গাৱে কয় যে চীনে পুৰণি মজা নামৰ ঠাইখন এই পথ নিৰ্মাণ কৰিছে ৷

china construction
সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

সাংসদগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পূৰ্বে এই ঠাইডোখৰ ভাৰতীয় সেনাৰ দখলত আছিল যদিও বৰ্তমান চীনা সেনাৰ অধীনত আছে । তেওঁ ইতিমধ্যে সেই স্থানৰ স্থিৰ চিত্ৰ সংগ্ৰহ কৰা হৈছে বুলি দাবী কৰে ৷ বৰ্তমানৰ মজা নামৰ ঠাইত নতুন আৰু পুৰণি হিচাপে পৰিগণিত হৈছে কাৰণ পূৰ্বে ভাৰতৰ দখলত থকা অঞ্চলত বৰ্তমান চীনে অধিগ্ৰহণ কৰিছে আৰু নতুন অংশ ভাৰতৰ দখলত অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ভিতৰত আছে । ইয়াৰ লগতে উক্ত জলবিদ্যুৎ প্ৰকল্পৰ কাষতে পাহাৰৰ নামনিত দ্বৈত লেনযুক্ত পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বুলি তেওঁ স্থিৰ চিত্ৰ অনুসৰি জানিবলৈ দিয়ে । গাৱে এই সন্দৰ্ভত ইতিমধ্যে ভাৰতীয় সেনা বাহিনীৰ চীফ অৱ ডিফেঞ্চ ষ্টাফ, চীফ অৱ আৰ্মি ষ্টাফ, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ, গৃহ মন্ত্ৰণালয়ৰ লগতে লোকসভাৰ অধ্যক্ষলৈ তথ্য প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক : লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কাম আৰম্ভ কৰিছে চৰকাৰে

Last Updated : Jan 18, 2021, 8:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.