ETV Bharat / state

Childrens Day observed in Tezpur: তেজপুৰ নৱপ্ৰভাত অনাথ আশ্ৰমত শিশু দিৱস উদযাপন - Glimpsays of World History

আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে (Childrens Day observed in Assam) ৷ শিশুসকলৰ অতি মৰমৰ নেহৰু খুড়া ৰূপে পৰিচিত পণ্ডিত নেহৰুৱে নিজৰ জন্মদিনটো উচৰ্গা কৰিছিল কণ কণ শিশুসকলৰ বাবে ৷ সেই উপলক্ষে ১৪ নৱেম্বৰ দিনটো ভাৰতবাসীয়ে পালন কৰে শিশু দিৱস হিচাপে ৷

Childrens Day observed in Tezpur
তেজপুৰ নৱপ্ৰভাত অনাথ আশ্ৰমত শিশু দিৱস উদযাপন
author img

By

Published : Nov 14, 2022, 7:20 PM IST

তেজপুৰ, ১৪ নৱেম্বৰ: স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, দাৰ্শনিক পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত সমগ্ৰ দেশতে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰি আহা হৈছে (Pandit Jawaharlal Nehru) । পূৰ্বে ভাৰতত শিশু দিৱস ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘই পালন কৰা বিশ্ব শিশু দিৱসৰ দিনা পালন কৰা হৈছিল । পৰৱৰ্তী সময়ত ১৯৬৪ চনত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ সংসদত এক প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁৰ প্ৰতি সন্মান জনাই নেহৰুৰ জন্ম দিনটো শিশু সকলৰ বাবে উৎসৰ্গিত কৰি শিশু দিৱস হিচাপে পালন কৰা হয় ।

সমগ্ৰ দেশৰ লগতে তেজপুৰ নৱপ্ৰভাত অনাথ আশ্ৰমৰ শিশু গৃহতো এই দিৱস পালন কৰা হয় (Childrens Day celebrated at Tezpur)। পণ্ডিত নেহৰুৰ ফটোত বন্তি প্ৰজ্বলন কৰি শিশু সকলে গীত পৰিৱেশন কৰি উদযাপন কৰে এই দিৱস । ইপিনে, শোণিতপুৰ শিশু বিকাশ একাডেমীৰ পৰা তেজপুৰ চহৰৰত শিশুসকলে এক সজাগতা ৰেলি উলিয়াই মহান নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰে । আনহাতে, শোণিতপুৰ জিলাত চৰকাৰী ভাবে আজি কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হোৱা নাই ।

তেজপুৰ নৱপ্ৰভাত অনাথ আশ্ৰমত শিশু দিৱস উদযাপন

উল্লেখ্য় যে ১৮৮৯ চনৰ ১৪ নৱেম্বতত উত্তৰ প্রদেশৰ এলাহাবাদত জন্ম গ্ৰহণ কৰে শিশু সকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে । তেওঁ আছিল একেধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ আৰু লেখক হোৱাৰ উপৰিও স্বাধীন ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী । ১৯৬৪ চনৰ ২৭ মে'ত তেওঁৰ মৃত্য়ু হয় । তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃ স্বৰুপাৰাণী নেহৰু ।

ঘৰুৱা শিক্ষাৰ দ্বাৰাই এইগৰাকী মহান ব্য়ক্তিৰ সৰু কালৰ শিক্ষাৰ আৰম্ভণি হৈছিল । নেহৰুৱে টি ফার্ডিনাণ্ড ব্রুকছ নামৰ এজন আইৰিছ লোকৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল । তেৰ বছৰ বয়সত তেওঁ 'থিয়ছফিকেল ছচাইটি'ত যোগ দি প্রাচীন ধর্ম পুথিবোৰ অধ্যায়ন কৰিছিল । মাত্র পোন্ধৰ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ' পাব্লিক স্কুলত নামভর্তি কৰিছিল । ১৯১০ চনত কেমব্রিজৰ ট্রেনিটি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে । ১৯১২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহি ওকালতি আৰম্ভ কৰে ।

১৯১৬ চনত লক্ষ্ণৌ কংগ্রেছত তেওঁ মহাত্মা গান্ধীক লগ পায় । স্বাধীনতা সংগ্ৰামৰ এই সময়চোৱাত তেওঁ কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল । কাৰাগাৰত থকা সময়ত তেওঁ লিখা কেইখনমান বিখ্য়াত গ্রন্থ হৈছে 'গ্লিম্পছেছ অৱ ৱর্ল্ড হিষ্টৰি' (Glimpsays of World History) আৰু 'ডিছকভাৰি অৱ ইণ্ডিয়া' (Discovery of India)। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সর্বোচ্চ সন্মান 'ভাৰত ৰত্ন' প্রদান কৰিছিল ।

লগতে পঢ়ক:CM Himanta Biswa Sarma in Raas: দেশজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন হ’ব লাচিত দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.