তেজপুৰ,৩ নৱেম্বৰ: দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে তেজপুৰক(Tragic road accident in Tezpur) । দুয়োটা দুৰ্ঘটনাত নিহত দুজন আৰু আহত এজন । বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া নাৱালকো নিহত হয়(Child dead in road accident) ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰাজেনে বিদ্যালয়ৰ ছুটিৰ পাছত আছাৰৰ পেকেট এটা ক্ৰয় কৰিবলৈ অহাৰ সময়তে বিন্দুকুৰিৰ পৰা মোৱামাৰী অভিমুখে অহা AS12BC6842নম্বৰৰ পিক আপ ট্ৰাকখনে দোকানখনৰ সন্মুখতে শিশু ছাত্ৰজনক মহতিয়াই নিয়ে । ইয়াৰ উপৰিও বছিৰ উদ্দিন নামৰ এজন লোকৰ দোকানখনো খুন্দিয়াই বিধ্বস্ত কৰে ৷
মোৱামাৰীৰ প্ৰয়াত চমা ওৰাঙৰ পুত্ৰ ৰাজেনৰ দুৰ্ঘটনাস্থলীতে মৃত্যু ঘটে ৷ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
আনহাতে তেজপুৰ বাটামাৰীতো সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । অচিনাক্ত বাইক আৰোহীয়ে গৰু লৈ অহা এজন লোকক খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ(One dead in road accident) । ইফালে বাইকখনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন ছাত্ৰ । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাইক আৰোহীগৰাকী । দুয়োটা দুৰ্ঘটনাৰ ফলত গভীৰ শোকৰ ছাঁ পৰিছে দুয়োটি অঞ্চলত ।
লগতে পঢ়ক: Boat accident in Lakhimpur: লখিমপুৰত নাও দুৰ্ঘটনা