তেজপুৰ, ১২ জুলাই : ক'ভিডত (Covid 19) আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত অসহায় হৈ পৰা মহিলাক কিছু সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে "ক'ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি" শীৰ্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) এই আঁচনিখন উদ্বোধন কৰে । এই আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত অসমৰ ৮ খন জিলাৰ ১৭৬ গৰাকী মহিলালৈ এই অনুদান আগবঢ়োৱা হয় । আঁচনিখনৰ অধীনত ক'ভিডৰ বাবে স্বামীক হেৰুওৱা বিধৱা মহিলাক ২.৫ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱা হৈছে ।
![Chief Minister Covid Widows Support Scheme](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-12july-01-pix-cmcovidwidow-pranabkumardas-7203907_12072021121701_1207f_1626072421_747.jpg)
বৰ্তমানলৈকে সমগ্ৰ অসমত এনে ৮৭৩ গৰাকী মহিলা চিনাক্ত কৰা হৈছে । এই মহিলাসকলৰ ভিতৰত ১৭৬ গৰাকীয়ে পাবলগীয়া ধন ইতিমধ্যে জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্দিষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে । শোণিতপুৰ জিলাত এতিয়ালৈকে ৩৭ গৰাকীক মহিলাক এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিবলৈ দিছে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ।
জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ অধীনত বৰ্তমানলৈকে ঠেলামৰাৰ ২ গৰাকী, ন-দুৱাৰৰ ৫ গৰাকী, তেজপুৰ সদৰৰ ৭ গৰাকী, চাৰিদুৱাৰ ১১ গৰাকী আৰু ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অধীনত ১২ গৰাকীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।
![Chief Minister Covid Widows Support Scheme](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-12july-01-pix-cmcovidwidow-pranabkumardas-7203907_12072021121701_1207f_1626072421_254.jpg)
পৰৱৰ্তী সময়ত জিলা উপায়ুক্তই অভিভাৱক মন্ত্ৰীৰ সহযোগিতাত এই সাহাৰ্য প্ৰদান কৰিব । যিসকল লোকৰ বাৰ্ষিক আয় ৫ লাখতকৈ কম, চৰকাৰে সেই পৰিয়ালৰ মহিলাসকলকহে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীক আঁচনিৰ ধন প্ৰদান কৰি কয় যে, এইয়া কোনো আনন্দৰ কথা নহয় আৰু দুখৰ সময়ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক এই সহায়ৰ প্ৰয়োজন ।
জানিব পৰা মতে, অসমত ক'ভিড সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৬,১৫৯ জন । ইয়াৰ ভিতৰত মহামাৰীৰ সংক্ৰমণৰ ফলত যি সকল শিশুৰ পিতৃ-মাতৃৰ মৃত্যু হৈছে সেইসকল শিশুক প্ৰতি মাহে ৩,৫০০ টকাকৈ প্ৰদান কৰাৰ ঘোষণা কৰিছে চৰকাৰে । মুখ্যমন্ত্ৰীৰ এই আঁচনি অধীনত অসমত ২০০০ হাজাৰৰ পৰা ২,৫০০ লৈকে হিতাধিকাৰী সামৰি লোৱা হ'ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:নগাঁৱত মেগা টীকাকৰণ শিবিৰৰ আয়োজন