ETV Bharat / state

আধাৰ কাৰ্ড বনোৱাৰ নামত ধন লোৱা প্ৰৱঞ্চকক আটক

চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপাৰা চাহ বাগিচা আৰু বুঢ়াগাঁও চাহ বাগিচাৰ শ্ৰমিক আৰু অন্যান্য লোকসকলৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ প্ৰলোভন দি ৩০০ৰ পৰা ৪০০ টকাকৈ সংগ্ৰহ কৰি অহা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

author img

By

Published : Jul 9, 2019, 2:58 PM IST

আধাৰ কাৰ্ড বনোৱাৰ নামত ধন লোৱা প্ৰৱঞ্চকক আটক

ৰঙাপৰা,9 জুলাইঃ শোণিতপুৰ জিলাৰ লোক্ৰাৰ বালিপৰা চাহ বাগিচাত আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত টকা লোৱা ছাইদূল ইছলাম নামৰ এটা প্ৰৱঞ্চকক আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে । উল্লেখযোগ্য যে,দীৰ্ঘদিনৰ ধৰি ছাইদূলে চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপাৰা চাহ বাগিচা আৰু বুঢ়াগাঁও চাহ বাগিচাৰ শ্ৰমিক আৰু অন্যান্য লোকসকলৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ প্ৰলোভন দি ৩০০ৰ পৰা ৪০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল । আজি এনেদৰে বাগিচাখনত টকা সংগ্ৰহ কৰি থকাৰ সময়তে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰৱঞ্চকজনক আটক কৰাৰ লগতে বহুতো আপত্তিজনক ভুৱা নথি পত্ৰ জব্দ কৰে। ইতিমধ্যে ধৃত ছাইদুলক চাৰিদুৱাৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Intro:চাৰিদুৱাৰ লোক্ৰাৰত আধাৰ কাৰ্ড বনোৱাৰ নামত ধন বিচৰা প্ৰৱঞ্চকক আটকBody:ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোক্ৰাৰ বালিপৰা চাহ বাগিচাত আধাৰ কাৰ্ড বনাই দিয়াৰ নামত টকা বিচৰা এজন প্ৰৱঞ্চকক আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে। প্ৰৱঞ্চকজনৰ নাম ছাইদূল ইছলাম। চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপৰা চাহ বাগিচা আৰু বুঢ়াগাওঁ চাহ বাগিচাত ছাইদুল ইছলাম নামৰ প্ৰৱঞ্চকজনে বাগিচাখনৰ শ্ৰমিক তথা আন লোকসকলক আধাৰ কাৰ্ড বনোৱাৰ প্ৰলোভন দি ৩০০ ৰ পৰা ৪০০ কৈ টকা জমা লৈ থকাৰ সময়তে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ধৃত লোকজনক আটক কৰাৰ লগতে বহুতো আপত্তিজনক ভূৱা নথি পত্ৰও জব্দ কৰে। ইতিমধ্যে ধৃত ছাইদুলক জেল হাজোতলৈ প্ৰেৰন কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.