চতিয়া,২৫ মাৰ্চ: দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ অন্তত শনিবাৰে জমা-খৰচৰ হিচাপ দাখিল কৰে উদযাপন সমিতিয়ে ৷ এখনি সংবাদমেলৰ জৰিয়তে উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই হিচাপ ৰাজহুৱা কৰে (Budget presentation of Bareshahriya Bhaona Mahotsav) ৷ সেই অনুসৰি এককোটি ২৫ লাখ জমা হোৱাৰ বিপৰীতে এককোটি পোন্ধৰ লাখ খৰচ হয় আৰু দহ লাখ টকা হাতে জমা থাকে ৷
ভাওনা মহোৎসৱ শেষ হোৱাৰ দহ দিনৰ ভিতৰত এই হিচাপ দাখিল কৰিবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika) ৷ ভাওনা মহোৎসৱ সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে সংৱাদমেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰোপৰি ২৬ কোটি টকাৰে নিৰ্মান হৈ থকা বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্প চোৱাচিতা কৰিবৰ বাৱে দুজনকৈ ব্যক্তিক নিযুক্তি দিয়াৰো কথা অৱগত কৰে ৷
লগতে পঢ়ক: Road accident: শ্ৰমিকক পাত তুলিবলৈ নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, 2 গৰাকী অৱস্থা সংকটজনক
আনহাতে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন কৰা পকামুৰা পথাৰৰ স্থায়ী ৫০ বিঘা মাটিৰ চাৰিচৌহদত ফেনচিঙৰ ব্যৱস্থা কৰি নাহৰপুলি ৰোপনৰো ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷ সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱ গোস্বামী, সম্পাদকদ্বয় জয়ন্ত বৰা, অঞ্জন কলিতা মুখপাত্ৰ নিতুমনি বৰা উপস্থিত থাকে ৷
উল্লেখ্য যে, ২২৬ সংখ্যক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হৈছিল চলিত বৰ্ষৰ ৭ মাৰ্চৰ পৰা (226th Baresaharia Bhaona Mahotsav 2023) । পৰম্পৰাগত সংস্কৃতি অটুট ৰাখি সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ প্ৰাণ প্ৰাচুৰ্য পৰিহাৰ কৰি অনুষ্ঠিত কৰা হয় এই বাৰেচহৰীয়া ভাওনা । বাৰেচহৰীয়া ভাওনাস্থলীত উপস্থিত হৈ আপ্লুত হৈ পৰে প্ৰতিগৰাকী লোক ।
লগতে পঢ়ক: Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা