তেজপুৰ,২২ জানুৱাৰী : ভাৰত-চীন সীমান্তৰ পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছৰ সুৰংগৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে । ইয়াৰ মাজতে শনিবাৰে সুৰংগ নিৰ্মাণৰ শেষৰ বিস্ফোৰণ সমাপ্ত হয় । সীমান্ত পথ সংস্থাৰ (BRO) মুখ্য অভিযন্তা ব্ৰিগেদিয়েৰ হৰিশ কুমাৰৰ উপস্থিতিত এক বিশেষ কাৰ্যসূচীৰে ১১.৩০ বজাত শেষৰ বিস্ফোৰণৰ জৰিয়তে খনন কাৰ্য সমাপ্ত কৰা হয় (BRO completes excavation of Sela tunnel project)।
এই বিষয়ে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে জানিবলৈ দিয়ে । টাৱাঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে ৯৮০ মিটাৰ দূৰত্বৰ মূল সুৰংগ(T1)ত প্ৰতিকূল বতৰৰ মাজতে শনিবাৰে এই কাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় সীমান্ত পথ সংস্থা । ভাৰতীয় সেনাৰ সীমান্ত পথ সংস্থা আৰু পেটেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানে ১৩,০০০ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ ২০১৯ চনত প্ৰধানমন্ত্ৰী মোডীয়ে অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সময়ত ইটানগৰৰ পৰা ৰিম'ৰ্ট যোগে আৰম্ভ কৰিছিল ।
![Sela tunnel project](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14254908_632_14254908_1642853907711.png)
প্ৰকল্পটোত টানেল ১ অন্তৰ্ভুক্ত আছে । যি হৈছে ৯৮০ মিটাৰ দীঘল একক টিউব টানেল । আনহাতে টানেল ২ হৈছে ১৫৫৫ মিটাৰ দীঘল দুটা টিউব টানেল । টানেল-২ ত যান-বাহনৰ বাবে এটা বাই-লেন টিউব আৰু জৰুৰীকালীন সেৱাৰ বাবে এটা এস্কেপ টিউব আছে ।
এই চেলা প্ৰকল্পটো ৭ কিলোমিটাৰ সুৰংগ ১ লৈ যোৱা পথৰ দ্বাৰা গঠিত যি ভালুকপুং-চাৰিদুৱাৰ-টাৱাং (BCT) বিচিটি পথৰ ২২৯ কিলোমিটাৰৰ পৰা ভিতৰুৱা কৈ সংযোগ হৈ দুয়োটা সুৰংগ ১.৩ কিলোমিটাৰ পথৰ দ্বাৰা আন্তঃসংযোগিত হৈছে । Tunnel ২ ৰ সংযোগ হৈছে ৩৪০ মিটাৰ যিটো BCT পথৰ ২৪৭ কিলোমিটাৰৰ পৰা আৰম্ভ হৈছে । ২০২১ চনৰ ১৫ জানুৱাৰীত এই প্ৰধান সুৰংগৰ প্ৰথমটো বিস্ফোৰণ কৰি সুৰংগ নিৰ্মাণৰ আৰম্ভ কৰিছিল সীমান্ত পথ সংস্থাৰ সঞ্চালক প্ৰধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে আৰু তাৰ পিছতে সেনাৰ এই বিশেষ সংস্থাই যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য চলাই আছে ।
![Sela tunnel project](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-22jan-02-pixvis-selatunnel-pranabkumardas-7203907_22012022155920_2201f_1642847360_579.jpg)
উল্লেখ্য যে এই বছৰ এপ্ৰিল মাহৰ ভিতৰত সীমান্ত পথ সংস্থাৰ প্ৰজেক্ট VARTAKৰ অধীনত চেলা সুৰংগৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে । কাম সম্পূৰ্ণ হোৱাৰ পাছতে এই সুৰংগ পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত টাৱাঙলৈ দুখন বাহন একেলগে যাব পৰা ১৩,০০০ ফুট উচ্চতাত প্ৰথমটো সুৰংগ হিচাপে পৰিগণিত হ'ব । লগতে সীমান্তৰ বাবে ভাৰতীয় সেনা আৰু অন্যান্য সুৰক্ষা বাহিনীৰ বাবে সুগম পথ হিচাপে পৰিগণিত হ'ব কিয়নো চেলা পাছৰ অত্যন্ত তুষাৰপাতৰ সময়ত যাতায়তৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে সকাহ দিব ।
লগতে পঢ়ক :ৰাজ্যৰ ২৪টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত ৬১৫ কোটি টকাৰ লোকচান