তেজপুৰ,12 অক্টোবৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ ব’ৰ্ডাৰ ৰোডছে নিৰ্মাণ কৰা মুঠ 44 খন সীমান্তৱৰ্তী দলং ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি সোমবাৰে মুকলি কৰে ৷ এই দলঙবোৰৰ ভিতৰত অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙৰ দিতে ডিমেৰ নৱনির্মিত ভাৰত-চীন সীমান্তৰ ওলোমা দলং আৰু নেচিফু টাৱাং পথ সংলগ্ন সুৰংগৰ আধাৰশিলা অন্যতম ।
![Bridge opening in Indo China border Tezpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9146129_a.jpg)
এই বিষয়ে ব্যক্ত কৰে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে । সাতখন ৰাজ্যত নিৰ্মাণ হোৱা এই দলঙবোৰৰ ভিতৰত লাডাখত 7 খন, উত্তৰাখণ্ডত 8 খন, জম্মু-কাশ্মীৰত 10 খন, হিমাচল প্ৰদেশত দুখন, পঞ্জাৱত 4 খন, অৰুণাচল প্ৰদেশত 8 খন আৰু ছিকিমত ইতিমধ্যে 4 খন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল যদিও আনুষ্ঠানিকভাৱে মুকলি হোৱা নাছিল দলং কেইখন । অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই ভাৰ্চুৱেল দলং মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে সাংসদ তাপীৰ গাৱ ৷
![Bridge opening in Indo China border Tezpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9146129_img.jpg)
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰতিৰক্ষা মন্ত্ৰী সিঙে নতুন দিল্লীৰ পৰা সম্বোধন কৰি মুকলি কৰে উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ অধীনত নিৰ্মাণ হোৱা দলঙখন ৷ পূব চিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা প্ৰায় 118 কিল’মিটাৰ দূৰত্বত আৰু উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ 20 কিল’মিটাৰ দূৰত্বত অৱস্থিত এই দিতে ডিমেৰ সীমান্তৰ দলঙখন । সীমান্তৰ বাবে সেনা জোৱানৰ যাতায়াতৰ ক্ষেত্ৰত এই দলং কেইখনে যথেষ্ট সুবিধা প্ৰদান কৰিব ৷ উল্লেখ্য যে, ভাৰত-চীন সীমান্তৰে প্ৰায় 3,000 সৈনিকৰ আহ-যাহ চলে ৷
অৰুণাচল প্ৰদেশত 8 খন দলং সোমবাৰে উদ্বোধন কৰাৰ লগতে নেচিফু সুৰংগৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংলগ্ন পথৰ মাজেৰে ই 81,840 কিল’মিটাৰ (P1) পৰা 87,040 কিল’মিটাৰ (P2) লৈকে হ’ব আৰু ই সমগ্ৰ পথৰ দুৰত্ব 4.713 কিল’মিটাৰ হ্ৰাস কৰিব । উল্লেখ্য যে, তেজপুৰৰ পৰা টাৱাঙলৈ দূৰত্ব 361 কিল’মিটাৰ ৷ ভাৰতীয় সেনাবাহিনীৰ এয়া অতি গুৰুত্বপূৰ্ণ পথ যদিও বছৰৰ প্ৰায় ভাগ সময়তে পথৰ দুৰৱস্থাৰ বাবে যাতায়াত বন্ধ হৈ আছিল, এই সুৰংগ সম্পূৰ্ণ হৈ উঠাৰ পিছত চেলাপাছৰ সুৰংগৰে প্ৰৱেশ কৰি টাৱাং আৰু সীমান্তত উপস্থিত হ’বলৈ অতি কম সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে ৷ আনহাতে চেলা পাছৰ সুৰংগৰ ইতিমধ্যে প্ৰায় 600 মিটাৰ সম্পূৰ্ণ হৈ উঠিছে ।
![Bridge opening in Indo China border Tezpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9146129_b.jpg)
নেচিফুৰ এই সুৰংগটো 450 মিটাৰ দীঘলীয়া আৰু 3.5 মিটাৰ বহল ৷ ফলত যি সমূহ পথত অত্যন্ত কুঁৱলীৰ বাবে বাহন চলোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বহু দুৰ্ঘটনা সংঘটিত হয় ৷ এই সুৰংগতো ব্যৱহাৰৰ উপযোগী হৈ উঠিলে সকলো আঁসোৱাহ দূৰ হ’ব বুলি জানিবলৈ দিয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে ।
![Bridge opening in Indo China border Tezpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9146129_c.jpg)
সোমবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী, ছিকিমৰ মুখ্যমন্ত্ৰী আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাঁৱ, পাংগিঙৰ বিধায়ক ওজঅংগ এৰিং, ব’ৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট অৰোনাকৰ এ এছ সেনাকৰ আৰু অন্যান্য কৰ্মীসকলৰ লগতে বৰ্ডাৰ ৰোডছক কৃতজ্ঞতা জনায় ।
লগতে চাওকঃ নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক