তেজপুৰ, ১১ নৱেম্বৰঃ বুধবাৰৰ পৰা আৰম্ভ হ’ল ভোমোৰা গুৰিত পৰ্যটন সেৱা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ভোমোৰা গুৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ব্ৰহ্মপুত্ৰৰ বুকুত পৰ্যটকৰ বাবে উন্মোচন কৰা হ’ল নদী পৰ্যটন ৷
বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ লগতে মন্ত্রী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে মুকলি কৰিলে নৌকা পৰ্যটন । উল্লেখযোগ্য যে, কাজিৰঙাৰ পৰা তেজপুৰলৈকে এই পৰ্যটনৰ আমেজ ল’ব পাৰিব বুলি মন্তব্য কৰে বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আৰু বিধায়ক বৃন্দাবন গোস্বামীয়ে ।
![brahmaputra-river-turism-open-at-tazpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-11nov-801-visbitedl-rivertourism-pranabkumardas-7203907_11112020163800_1111f_01730_240.jpg)
লগতে পঢ়কঃ বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে