ETV Bharat / state

তেজপুৰত উন্মোচিত ডাকোৱাল - শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন

2011 চনত বিভাগৰ চাকৰিত যোগদান কৰা গিৰীশ শৰ্মাই ডাকোৱাল সকলক আধাৰ হিচাপে লৈ ৰচনা কৰা ডাকোৱাল নামৰ উপন্যাসখন বুধবাৰে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন কৰা হয় ৷

তেজপুৰত উন্মোচন হ'ল উপন্যাস ডাকোৱাল
তেজপুৰত উন্মোচন হ'ল উপন্যাস ডাকোৱাল
author img

By

Published : Feb 11, 2021, 12:24 PM IST

তেজপুৰ,11 ফেব্ৰুৱাৰী: প্ৰায় দুবছৰীয়া প্ৰচেষ্টাৰ অন্তত লিখি উলিওৱা গিৰিশ শৰ্মাৰ ডাকোৱাল নামৰ এখন উপন্যাস বুধবাৰে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন কৰা হয় ৷ 2011 চনত বিভাগৰ চাকৰিত যোগদান কৰা গিৰীশ শৰ্মাই ডাকোৱাল সকলক আধাৰ হিচাপে লৈ ৰচনা কৰা উপন্যাসখনৰ সাৱলীল ভাষাই পাঠকক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰিছে লেখক গৰাকীয়ে ৷ ডাক বিভাগৰ কাহিনীৰে আৰম্ভ কৰা উপন্যাসখনৰ মূল লক্ষ্য সশস্ত্ৰ বিপ্লৱ আৰু চিন্তা বিপ্লৱৰ এক তুলনামুলক বিশ্লেষণ কৰাৰ লগতে সমাজত বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে ডাকোৱালৰ উন্মোচক সাংবাদিক মনোজ কুমাৰ শইকীয়াই ৷

উল্লেখ্য যে, লেখক শৰ্মাই প্ৰায় 10 বছৰীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰ লগতে ৰাজ্যত হোৱা সশস্ত্ৰ সংগ্ৰাম আৰু বৌদ্ধিক বিপ্লৱৰ লগতে সৰ্বসাধাৰণৰ অসচেতনতা তথা অজ্ঞানতা আৰু উদাসীনতা আদি দিশ সামৰি এখন উপন্যাসৰ ৰূপ দিয়া হৈছে বুলি মন্তব্য কৰে ৷ আকৰ্ষণীয় প্ৰচ্ছদৰে 228 পৃষ্ঠাৰ উপন্যাসখন পাঠকে আদৰি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.