ETV Bharat / state

তেজপুৰৰ পৰা নতুন দিল্লীলৈ নিয়া হ’ল অৰুণাচলত নিহত বীৰ জোৱানৰ মৃতদেহ

অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰাণ হেৰুওৱা বীৰ সৈনিককেইজনৰ নশ্বৰদেহ বৃহস্পতিবাৰে হেলিকপ্টাৰযোগে অৰুণাচল প্ৰদেশৰ খুপিৰ পৰা তেজপুৰ লৈ অনা হয় । শুকুৰবাৰে নিশা তেজপুৰ সেনাৰ বেছ হাস্পাতালত জোৱানকেইজনৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰা হয় ৷ ইয়াৰ পাছতেই শনিবাৰে পুৱা জোৱানকেইজনৰ মৃতদেহ শালনিবাৰী বায়ুসেনাৰ ঘাটিলৈ আৰু তাৰপৰা দিল্লী লৈ নিয়া হয়(Indian Army trooper killed during avalanche in Arunachal) ।

author img

By

Published : Feb 12, 2022, 11:49 AM IST

Updated : Feb 12, 2022, 12:35 PM IST

Jawans died in Arunachal avalanche
অৰুণাচলত হিমস্খলনত নিহত জোৱান

তেজপুৰ, ১২ ফেব্ৰুৱাৰী : ১৯ নং জম্মু আৰু কাশ্মীৰৰ ৰাইফলছ আৰু ইঞ্জিনীয়াৰ গ্রুপৰ বীৰ সৈনিকসকলক শনিবাৰে পুৱা তেজপুৰ শালনিবাৰী বায়ুসেনাৰ ঘাটিৰ পৰা নতুন দিল্লীলৈ লৈ যোৱা হয় । বিশেষ সূত্ৰত জানিব পৰা মতে শুকুৰবাৰে নিশা ১০ বজাত তেজপুৰ সেনাৰ বেছ হাস্পাতালত জোৱানকেইজনৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰা হয় ৷ ইয়াৰ পাছতেই শনিবাৰে পুৱা ৩ বজাত জোৱানকেইজনৰ মৃতদেহ শালনিবাৰী বায়ুসেনাৰ ঘাটিলৈ লৈ যোৱা হয় আৰু ইয়াৰ পৰা দিল্লী লৈ নিয়া হয় ।

প্ৰচণ্ড শীত আৰু প্ৰতিকূল বতৰৰ বাবে অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত মঙলবাৰে উদ্ধাৰ হোৱা বীৰ জোৱানকেইজনৰ শৱদেহ বৃহস্পতিবাৰে তেজপুৰলৈ অনা হয় । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ভাৰত চীন সীমান্তৰ তহলদাৰী এটা দলৰ ৭ জন জোৱান ৬ ফেব্ৰুৱাৰীত প্ৰচণ্ড হিমবাহৰ কৱলত পৰি ১৪,৫০০ ফুট উচ্চতাত(High Altitude area of Kameng Sector in Arunachal Pradesh) সন্ধানহীন হৈ আছিল । সেনাৰ উদ্ধাৰকাৰী দলে প্ৰায় দুদিনযোৰা অভিযানৰ পাছত মঙলবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে(Jawans died in Arunachal avalanche) ৷

নিহত জোৱানকেইজন ক্ৰমে হাবিলদাৰ যুগল কিশোৰ শৰ্মা, গানাৰ গুৰ্বজ সিং, ৰাইফলমেন অৰুণ কাত্তাল, বিশাল শৰ্মা, অনকেশ ভাৰদ্বাজ, অক্ষয় পাথনিয়া আৰু ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে । হাবিলদাৰ যুগল কিশোৰ আৰু তেওঁৰ লগৰ এজনৰ ঘৰ জম্মুৰ আখনৰ জিলাৰ বুলি জানিব পৰা গৈছে । যুগল কিশোৰ এটি চাৰি বছৰীয়া সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে । আজি বীৰ সৈনিককেইজনৰ নশ্বৰদেহ বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱা হ’ব আৰু তাতে তেওঁলোকক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : আজি তেজপুৰলৈ অনা হ’ব হিমস্খলনত মৃত্যু হোৱা বীৰ জোৱানৰ মৃতদেহ

Last Updated : Feb 12, 2022, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.