ETV Bharat / state

ক'লা পতাকাৰ আতংকই খেদিছে বিজেপিৰ মন্ত্ৰী বিধায়কক

author img

By

Published : Dec 28, 2019, 7:10 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজাক ক’লা পতাকা প্ৰদৰ্শন কৰে আছুকৰ্মীসকলে ৷ ৰঙিয়া,বকো আৰু তেজপুৰৰ ভিন্ন স্থানত এই প্ৰতিবাদ দেখিবলৈ পোৱা যায় ৷

বিক্ষোভ প্ৰদৰ্শন
ক’লা পতাকাৰ সন্মুখীন বিজেপিৰ মন্ত্ৰী-সাংসদ

ৰঙিয়া, 28 ডিচেম্বৰঃ ক’লা পতাকা এতিয়া হৈ পৰিছে বিজেপিৰ মন্ত্ৰী বিধায়কৰ নিত্য সহচৰ ৷ য’লৈকে গৈছে,তাতেই দেখিছে ক'লা পতাকা ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদী ৰাইজে ঠায়ে-ঠায়ে ক’লা পতাকাৰে স্বাগতম জনাইছে বিজেপিৰ মন্ত্ৰী বিধায়কক শনিবাৰৰ দিনটোত ঠায়ে-ঠায়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজাক ক’লা পতাকাৰে স্বাগতম জনালে অসমবাসীয়ে ৷

ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ আহি অভাৱনীয় পৰিস্থিতিৰ সন্মুখিন হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আছুকৰ্মীয়ে শ্বহীদ বেদীৰ সমীপৰ পৰা ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰীগৰাকীক ৷ লগতে মুখ্যমন্ত্ৰী গ’বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই ।

ৰঙিয়া মুখ্যমন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন

আনহাতে, বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ আহি ক’লা পতাকাৰ সন্মুখীন হ'ল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা । বিজেপি সাংসদগৰাকীৰ কনভয়ক স্থানীয় হেকেৰা শ্বহীদ বেদীৰ সন্মুখত আছুকৰ্মীয়ে আগুৰি ধৰি ক’লা পতাকা দেখুৱায় । আৰক্ষীৰ সন্মুখতে পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কৰ্মীসকলে প্ৰদৰ্শন কৰে ক’লা পতাকা ৷

সাংসদ কুইন ওজাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

ক’লা পতাকাৰ সন্ত্ৰাসৰ পৰা সাৰি নগ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৷ শনিবাৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীত অংশ ল'বলৈ আহিছিল মন্ত্ৰী শৰ্মা ৷ সেইসূত্ৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ তেজপুৰ গৰৈমাৰিৰ পৰা ১০ কিঃমিঃ নিলগত উক্ত অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ প্ৰতিবাদকাৰীৰ ৰূপ দেখি বায়ু সেনা বাহিনীৰ বিমানঘাটিৰ পৰা বিধায়ক গৰাকীৰ ঘৰত সোমাই পুনৰ হেলিকপ্তাৰৰে অনুষ্ঠানত ভাগ ল'বলৈ যায় মন্ত্ৰীগৰাকী ৷ তীব্ৰ প্ৰতিবাদৰ পৰা হাত সাৰিবলৈ এই পন্থা অৱলম্বন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা তেজপুৰত

লগতে চাওকঃ"জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

Intro:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৰঙিয়াত ক'লা পতাকা দেখুৱালে আছুৱে।Body:ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ আহোতে মুখ্যমন্ত্ৰী সোনোৱালৰ বিৰুদ্ধে বিক্ষোভ আছুৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ক'লা পতাকা দেখুৱালে আছুৱে। ৰঙিয়াৰ তিনিআলিত কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত আছুৰ শ্বহীদ বেদীৰ পৰা ক'লা পতাকা প্ৰদৰ্শন শতাধিক আছু কৰ্মীৰ । মুখ্যমন্ত্ৰী গ' বেক ধ্বনিৰে 'কা'ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.