ETV Bharat / state

৭৪ নং ৰঙাপৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ

author img

By

Published : Mar 5, 2021, 10:53 PM IST

৭৪ নং ৰঙাপৰা সমষ্টিত এইবাৰ বিজেপিৰ নতুন প্ৰাৰ্থীত্ব প্ৰদানৰ সঘনাই পট পৰিৱৰ্তন । ৰঙাপৰাত কৃষ্ণ কমল তাঁতীৰ প্ৰাৰ্থীত্ব প্ৰায় নিশ্চিত বিজেপিৰ । তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসৰ ঘনিষ্ঠ কৃষ্ণ কমল তাঁতীৰ প্ৰাৰ্থীত্ব কমিটিয়ে ইতিমধ্যে প্ৰায় থিৰাং কৰিছে ।

৭৪ নং ৰঙাপৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ
৭৪ নং ৰঙাপৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ

তেজপুৰ, ৫ মাৰ্চ: শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপিৰ দলৰ প্ৰাৰ্থীত্বক লৈ সঘনাই পট পৰিৱৰ্তন বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনী কমিটিৰ । সমষ্টিটোৰ পূৰ্বৰ বিজেপিৰ বিধায়ক তথা তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসৰ ঘনিষ্ঠ কৃষ্ণ কমল তাঁতীৰ প্ৰাৰ্থীত্ব কমিটিয়ে ইতিমধ্যে প্ৰায় থিৰাং কৰিছে । পূৰ্বৰ দলৰ নেতাৰ বাহিৰে নতুন মুখৰ বাবে চলিছে প্ৰাৰ্থীত্বৰ চৰ্চা । এই দৌৰত বৃস্পতিবাৰে আগুৱাই আছিল যুৱ নেতা বিশ্বনাথ সমষ্টিৰ দিগন্ত ঘাটোৱাৰৰ নাম ।

দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা অব্যাহত থকাৰ সময়তে প্ৰাৰ্থীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বহুকেইজন নেতাই । যদিও এইবাৰ দিগন্ত ঘাটোৱাৰ ৰঙাপৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰাটো শুকুৰবাৰৰ দিনটোলৈ প্ৰায় নিশ্চিত আছিল কিন্তু পৰৱৰ্তী সময়ত কৃষ্ণকমল তাঁতীৰ হে প্ৰাৰ্থীত্ব প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া যে, সমষ্টিটোৰ পৰা সাংসদ পল্লব লোচন দাসে প্ৰাৰ্থীত্ব বিচাৰিছিল যদিও পূৰ্বৰ ঘটোৱাৰ আৰু ওৰাঙক একাষৰীয়া কৰি কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থীত্ব প্ৰদানত হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে ।

এই ক্ষেত্ৰত প্ৰাৰ্থীত্বৰ তালিকাত নাম চর্চালৈ আহিছিল বাটাছ ওৰাঙৰ নামো । পূৰ্বে এই সমষ্টিত কংগ্ৰেছৰ ভীমানন্দ তাঁতীয়ে পূৰ্বৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে । ৰঙাপৰা সমষ্টিৰ সৰহ সংখ্যক ভোটাৰ চাহ জনজাতিৰ অধ্যুষিত লোকৰ । গতিকে তেওঁলোকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে । ঘাটোৱাৰ আৰু ওৰাং দুয়োজন চাহ জনজাতিৰ লোক । আনহাতে প্ৰাক্তন বিধায়ক স্বৰ্গীয় ৰাজেন বৰঠাকুৰৰ জেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰৰ নামো পেনেলৰ লিষ্টত সন্নিবিষ্ট হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে টীয়কত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.