ETV Bharat / state

চাইকেল ৰেলীৰে নিৰ্বাচনী চমক সৃষ্টিৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ

অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিহগুৰিৰ ছাগলী আঁহতৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলীয়ে স্পৰ্শ কৰে প্ৰায় 14 খনকৈ গাঁৱৰ লোকক ৷ মন্ত্ৰী শৰ্মাই পৰৱৰ্তী এমাহৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় 1 কোটি লোকক সাক্ষাৎ কৰাৰ কথাও ঘোষণা কৰে ৷

bicycle rally of himanta biswa sarma tezpur assam etv bharat news
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী
author img

By

Published : Feb 4, 2021, 4:18 PM IST

তেজপুৰ,৪ ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভাৰ নিৰ্বাচন আৰু প্ৰধানমন্ত্ৰী মোডীৰ ঢেকিয়াজুলী ভ্ৰমণৰ কাৰ্যসূচীক লৈ তৎপৰ হৈ পৰিছে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ লগতে নেতা-কৰ্মী ৷ তাৰ মাজতে নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে শোণিতপুৰৰ বৰচলা সমষ্টিত এক চাইকেল ৰেলী বাহিৰ কৰি একপ্ৰকাৰ নিৰ্বাচনী চমক দিয়ে ৷

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী

মন্ত্ৰীগৰাকীয়ে বিহগুৰিৰ ছাগলী আঁহতৰ পৰা আৰম্ভ কৰা এই ৰেলীয়ে স্পৰ্শ কৰে প্ৰায় 14 খনকৈ গাঁৱৰ লোকক ৷ মন্ত্ৰী শৰ্মাই পৰৱৰ্তী এমাহৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় 1 কোটি লোকক সাক্ষাৎ কৰাৰো ঘোষণা কৰে ৷

জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই চাইকেলৰ ৰেলীৰ বাবে সমৱেত হয় প্ৰায় হাজাৰৰো অধিক লোক ৷ মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 20 কিল’মিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত আছিল তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহল আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ৷

লগতে চাওকঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.