ETV Bharat / state

ভোগালী বিহু উপলক্ষে গীতে-মাতে মুখৰিত ৰঙাপৰা - Bhugali Bihu celebrated at Rongapara

সকলো দুখ পৰিহাৰ কৰি ৰঙাপৰাবাসী ৰাইজে একত্ৰিত ভাৱে পালন কৰিলে হেঁপাহৰ ভোগালী বিহুটি ৷ ঢোল-তালৰ শব্দ আৰু বিহুৰ গীতত আনন্দত মতলীয়া হৈ পৰিল সমূহ অসমীয়া ৰাইজ ৷

bhugali-bihu-celebrated-at-rongapara
ভোগালী বিহু উপলক্ষে গীতে-মাতে মুখৰিত ৰঙাপৰা
author img

By

Published : Jan 14, 2021, 6:17 PM IST

ৰঙাপাৰা,14 জানুৱাৰী: আজি হেঁপাহৰ ভোগালী বিহু ৷ ভোগোলী বিহুৰ দিনটোত বিহুগীতৰে মুখৰিত হৈ পৰিল ৰঙাপৰা অঞ্চল ৷ ঢোল-তালৰ শব্দ আৰু বিহুৰ গীতত আনন্দত মতলীয়া হৈ পৰিল সমূহ অসমীয়া ৰাইজ ৷ সকলো দুখ পৰিহাৰ কৰি ৰঙাপৰাবাসী ৰাইজে একত্ৰিত ভাৱে পালন কৰিলে হেঁপাহৰ ভোগালী বিহুটি ৷ উল্লেখ্য যে,বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি হিচাপে পৰিচিত ৰঙাপৰাত অসমীয়া জাতীয় ঐক্য মঞ্চই বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও পঞ্চম বাৰ্ষিক ভোগালী উৎসৱটি দিনযোৰা কাৰ্যসূচীৰে পালন কৰে ৷ ৰঙাপৰা চহৰৰ ইউনিয়ন থিয়েটাৰ হল প্ৰাংগণত উদ্যোগতাসকলে নিৰ্মাণ কৰা মেজি জ্বলোৱাৰ পিছতেই অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷

ভোগালী বিহু উপলক্ষে গীতে-মাতে মুখৰিত ৰঙাপৰা

অনুষ্ঠানটিত ৰঙাপৰাৰ পুৰুষ-মহিলাসকলে সমবেত ভাৱে বিহুগীত পৰিৱেশন কৰে ৷ তাৰোপৰি অনুষ্ঠানটিত স্থানীয় শিল্পীসকল ক্ৰমে পৰিস্মিতা নাথ,পংকজ দাস,প্ৰসেনজিৎ ৰায়চৌধুৰী,ৰাহুল দত্তকে ধৰি কণ-কণ শিল্পীয়ে বিহুৰ গীত পৰিৱেশন কৰে ৷ বিহু গীতৰ তালে তালে মহিলাসকলে নৃত্য পৰিৱেশন কৰে ৷ অসমীয়া জাতিৰ হিয়াৰ আমঠু বিহুটিৰ আনন্দই যে সুকীয়া সেই কথাষাৰকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে ৰঙাপৰা বাসীয়ে ৷

লগতে পঢ়কঃ বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.