ETV Bharat / state

মোক নতুন জীৱন দিলে মুখ্যমন্ত্ৰীয়ে: শিল্পী ভোলা কটকী

author img

By

Published : Jul 19, 2021, 2:12 PM IST

পুনৰ সুস্থ হৈ উঠিছে শিল্পী ভোলা কটকী ৷ কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থাত ভুগি চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগাত পৰিছিল শিল্পীগৰাকী ৷ প্ৰায় 19-20 দিনৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি আহিছে নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকী ৷

bhola kataki is recovering
পুনৰ সুস্থ হৈ উঠিছে শিল্পী ভোলা কটকী

চতিয়া, 19 জুলাই : পুনৰ সুস্থ হৈ উঠিছে নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকী ৷ সংগীয়া মাজৰ চুকস্থিত শিল্পিগৰাকীৰ বাসগৃহত এতিয়া আনন্দৰ বন্যা ৷ শিল্পী গৰাকীৰ মুখত পুনৰ প্ৰাণ পাই উঠিছে নাটকৰ সংলাপ ৷

পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি,18 জুলাই তাৰিখে হঠাৎ অসুস্থ হৈ পৰিছিল শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য বঁটাপ্ৰাপক ভোলা কটকী ৷ তাৰ পাচতেই ততাতয়াকৈ ভোলা কটকীক লৈ যোৱা হয় জামুগুৰিহাট চিকিৎসালয়লৈ আৰু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে শিল্পী ভোলা কটকীক লৈ য়োৱা হয় তেজপুৰ মেডিকেল হাস্পতাললৈ ৷ তেজপুৰ মেডিকেলত 4 দিন চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH) লৈ প্ৰেৰণ কৰা হয় শিল্পীগৰাকীক ৷

পুনৰ সুস্থ হৈ উঠিছে শিল্পী ভোলা কটকী

চিকিৎসক-নাৰ্চৰ চিকিৎসা সেৱাত পুনৰ সুস্থ হৈ উঠিছে শিল্পীগৰাকী ৷ হঠাৎ অসুস্থ হৈ পৰা শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে অসম চৰকাৰ তথা অসম চলচিত্ৰ নিগমৰ তৰফৰ পৰা 40 হাজাৰ টকাৰ এক সাহাৰ্য প্ৰদান কৰা হয় ৷ লগতে শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰীভাৱে শিল্পীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ আনকি শিল্পীগৰাকীৰ স্বাস্থ্যৰ খবৰ ল’বলৈ চিকিৎসালয়ত উপস্থিত হৈছিল বিধায়ক পদ্ম হাজৰিকা (Padma Hazarika) ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত নতুন জীৱন লাভ কৰা বুলি উল্লেখ কৰে শিল্পীগৰাকীৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই ৷ সেয়ে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ, স্বাস্থ্য বিভাগ, চলচিত্ৰ নিগম, বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলা প্ৰশাসন, ৰাজ্যৰ সকলো শুভাকাংক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শিল্পীগৰাকীৰ পৰিয়ালে ৷

লগতে পঢ়ক: ইটিভি বাতৰিৰ প্ৰভাৱ: কৃত্ৰিম বানক লৈ কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.