আমগুৰি, ১৯ আগষ্ট: হৰিনামেৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভদীয়া নাম ৷ সম্পূৰ্ণ মাহযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কাৰ্যসূচী ৷ পৱিত্ৰ ভাদমাহত ৰাজ্যৰ প্ৰতিটো নামঘৰৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহাসিক হাফলুটিং বৰনামঘৰত মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ভদীয়া নাম ৷
সামাজিক দুৰত্ব মানি আমগুৰিৰ ঐতিহাসিক হাফলুটিং বৰনামঘৰত সীমিত ভকত-বৈষ্ণৱে ভগৱন্তৰ নাম গুনানু কীৰ্ত্তন কৰে ৷ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰি পৰম্পৰা বৰ্তাই ৰাখিছে ভকত বৈষ্ণৱসকলে ৷
লগতে পঢ়কঃ মাফিয়াৰ কবলত লামডিং বনাঞ্চল: নীৰৱ বন বিভাগ