ETV Bharat / state

Baresahariya Bhaona Jamugurihat : বাৰেচহৰীয়া ভাওনাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

২২৬ সংখ্যক জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচী ঘোষণা (226th Baresahariya Bhaona Jamugurihat) । ভাওনা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই এক সংবাদমেলত ঘোষণা কৰে বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচী । ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ'বলগা এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু সৰ্বানন্দ সোণোৱাল । স্থায়ী মঞ্চ নিৰ্মাণৰ বাবে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৫০ লাখ টকাৰ অনুদান ঘোষণা ।

author img

By

Published : Feb 22, 2023, 10:52 PM IST

Jamuguri
Jamuguri
বাৰেচহৰীয়া ভাওনা সন্দৰ্ভত সভাপতি পদ্ম হাজৰিকাৰ সংবাদমেল

চতিয়া, ২২ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা (Baresahariya Bhaona Jamugurihat) উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত বিধায়কগৰাকীয়ে বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীসমূহ ঘোষণা কৰে (Baresahariya Bhaona programme declared) ৷ অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভাৰতৰ এই একক বৃহৎ ধৰ্মীয় অনুষ্ঠানভাগত এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (union minister Dharmendra Pradhan) আৰু সৰ্বানন্দ সোণোৱাল (union minister Sarbananda Sonowal) উপস্থিত থাকিব বুলি বিধায়ক পদ্ম হাজৰিকাই সদৰী কৰে ৷

তদুপৰি, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব ৷ ইয়াৰ উপৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু আন কেইবাজনো মন্ত্ৰী বাৰেচহৰীয়া ভাওনাৰ বিভিন্ন দিনৰ বিভিন্ন কাৰ্যসূচী উপস্থিত থাকিব (MLA Padma Hazarika on Baresahariya Bhaona) ৷ উল্লেখ্য যে জামুগুৰিহাটৰ এই বাৰেচহৰীয়া ভাওনাই এইবেলি ২২৬ বছৰত ভৰি দিছে (226th Baresahariya Bhaona Jamugurihat) ৷ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে আয়োজিত এই মহোৎসৱত এক প্ৰস্ফূতিত পদুমৰ আৰ্হিত নিৰ্মাণ কৰা ২১ খনকৈ খোলাত দুটা দিনত একেলগে একে সময়তে মুঠ ৪২ খনকৈ ভাওনা অনুষ্ঠিত হ'ব ৷

আনহাতে, অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈকে অনুষ্ঠিত হ'বলগা দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱস্থলী পকামূৰা পথাৰ তথা বাৰেচহৰীয়া ভাওনাস্থলী পৰিদৰ্শন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita visited Baresahariya Bhaona) ৷ ভাওনাস্থলীত তথা পকামূৰা পথাৰত জামুগুৰিহাটৰ শ শ লোকৰ সমূহীয়া হজ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ উল্লেখ্য, সাংসদগৰাকীয়ে পকামূৰা পথাৰত এটি স্থায়ী মঞ্চ নিৰ্মাণৰ বাবো ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷

এইখিনিতে উল্লেখযোগ্য যে, ইতিমধ্যে এই ভাওনা মহোৎসৱ উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰে এক লেখত ল’বলগীয়া মহোৎসৱ হিচাবে পৰিগণিত হৈছে । ইয়াৰ বাবে প্ৰথমতে নাম ল'ব লাগিব শোণিত কোঁৱৰ গজেন বৰুৱাৰ । তেৱেঁই এই ভাওনাক জামুগুৰিহাটৰ পৰা উলিয়াই নি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত প্ৰথম চিনাকি কৰাই দিয়ে ৷ ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা এই ভাওনা ১৯৬৯ চনত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে গজেন বৰুৱাই ৷ উল্লেখ্য, এই মহোৎসৱৰ এক বিশেষ বৈশিষ্ট্যও আছে ৷ সেয়া হৈছে একেলগে ২০-৩০ খন ভাওনাস্থলীত ভাওনা প্ৰদৰ্শিত হয় (Significance of Baresahariya Bhaona) ৷ আনহাতে,

৪ শতাধিক গায়ন-বায়ন, ঘোষা, ডবা, বৰকাঁহ, শংখ বাজি উঠে ভাওনাথলীত ৷ লগতে ভোৰতাল, কালী, নাগাৰা, খোলৰ শব্দই জামুগুৰিহাটত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ মণ্ডপৰ আকৃতি এপাহ পদুম ফুলৰ আৰ্হিত গাঁৱৰ ৰাইজে বহুদিনৰ পৰা সংগ্ৰহ কৰা খেৰ-খাগৰি, বাঁহেৰে সাজি উলিয়ায় ৷ তাৰে ভিতৰত নিৰ্মাণ কৰা হয় ২০-৩০ টা নামঘৰৰ চক্ৰাকাৰ আৰু মণ্ডপৰ সোঁ-সোঁমাজত প্ৰতিষ্ঠা কৰা হয় ভাগৱত আৰু নামঘৰৰ চক্ৰৰ মাজৰ উমৈহতীয়া গোলাকাৰ অংশত ধ্ৰুপদী পদচালনাৰে খোল-তাল বজাই দৰ্শকক অভিভূত কৰি তোলে ।

লগতে পঢ়ক :MV Ganga Vilas : এম ভি গংগা বিলাসৰ পৰ্যটকক আদৰিবলৈ সাজু তেজপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.