তেজপুৰ, ১ অক্টোবৰ: বাংলাদেশ বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে যোৱা ৩১ অক্টোবৰত বাংলাদেশ বায়ুসেনাৰ এটা দলে ডিমাপুৰ ভ্ৰমণ কৰে । বাংলাদেশ বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন তনবীৰ মাৰ্জান নেতৃত্বাধীন বাংলাদেশ বায়ুসেনাৰ ২০ গৰাকী বিষয়া আৰু কৰ্মীয়ে নাগালেণ্ডৰ ডিমাপুৰ ভ্ৰমণ কৰে ৷ উল্লেখ্য় যে ১৯৭১ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতৰ ডিমাপুৰত উপস্থিত হৈছিল তদানীন্তন বায়ুসেনাৰ দলটো । এই দলটোত আছিল ৯ গৰাকী বিষয়া আৰু ৫৭ কৰ্মী ।

এই দিনটোতে পাকিস্তান বায়ুসেনাৰ হাতত পৰাস্ত হৈ পলায়ন কৰা স্কোয়াড্ৰন নেতা চুলতান আহমেদ আৰু ফ্লাইট লেফটেনেণ্ট বদৰুল আলম আৰু অসামৰিক পাইলট কেপ্তেইন চাহাবুদ্দিন আহমেদে ভাৰতীয় বায়ুসেনাৰ দ্বাৰা ডিমাপুৰত কিলো বিমানত প্ৰশিক্ষণ আৰম্ভ কৰে । ডিমাপুৰত প্ৰশিক্ষণ আৰম্ভ কৰা এই দলটোকেই প্ৰথম বাংলাদেশ বায়ুসেনাৰ ইউনিট হিচাবে গণ্য কৰা হৈছিল ।
১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ পিছত বাংলাদেশ জন্মৰ লগে লগে গোলা বাৰুদৰে ভৰা উৰণৰ যোগ্য কিলো বিমানখন ভাৰতে ঢাকাত বাংলাদেশক গতাই দিছিল । বাংলাদেশ বাহিনীৰ জোৱানসকলৰ মাজত মুক্তি যুদ্ধৰ মনোভাৱ জীয়াই ৰাখিবলৈ কিলো ফ্লাইটৰ সৈতে ঐতিহাসিক সম্পৰ্ক থকা ডৰ্নিয়াৰ আৰু এম আই ১৭-ভি ৫ স্কোৱাড্ৰনৰ সদস্যকে ধৰি ভাৰতীয় বায়ুসেনাৰ বিষয়া আৰু কৰ্মীসকলে বি এ এফৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত প্ৰাসংগিক স্থান হিচাপে পৰিগণিত হোৱা গুৰুত্বপূৰ্ণ স্থানসমূহ ভ্ৰমণৰ প্ৰতি বাংলাদেশ বায়ুসেনাই সদায় আগ্ৰহ প্ৰকাশ কৰি আহিছে। এই ভ্ৰমণে দুয়োখন দেশৰ বায়ুসেনাৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে । বাংলাদেশ মুক্তিৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ ভূমিকাক স্বীকাৰ কৰে বাংলাদেশ বায়ুসেনাৰ দলটোৱে ।