ETV Bharat / state

Ayushman Bhav campaign: ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ শোণিতপুৰত আয়ুষ্মান ভৱ কাৰ্যসূচীৰ আয়োজন

আয়ুষ্মান ভৱ কাৰ্যসূচীৰ বাবে সাজু হৈছে শোণিতপুৰ জিলা ৷ এই সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ত শুকুৰবাৰে অতিৰিক্ত আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই এক সংবাদমেল অনুষ্ঠিত কৰে ৷

Ayushman Bhav campaign to be held from September 17 to October 2
আয়ুষ্মান ভৱ কাৰ্যসূচীৰ আয়োজন
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:04 PM IST

আয়ুষ্মান ভৱ কাৰ্যসূচীৰ আয়োজন

তেজপুৰ, ১৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনে ভাৰত চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ উদ্যোগত সমগ্ৰ দেশতে আয়ুষ্মান ভৱ কাৰ্যসূচী ১৭ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈ আৰম্ভ কৰা হ’ব ৷ এই সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ত শুকুৰবাৰে অতিৰিক্ত আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই এক সংবাদমেল আয়োজন কৰে ৷ এই সংবাদমেলখনত অতিৰিক্ত আয়ুক্তগৰাকীয়ে কয় যে, এই আয়ুষ্মান ভৱ কাৰ্যসূচীৰ জৰিয়তে স্বাস্থ্য সেৱাৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বহু সুবিধা হ’ব ৷

এই অভিযান মূলতঃ তিনিটা ভাগত বিভক্ত হৈ আছে, আয়ুষ্মান আপকে দুৱাৰ ৩.০, আয়ুষ্মান সভা আৰু আয়ুষ্মান মেলা । আয়ুষ্মান আপকে দুৱাৰ ৩.০ ৰ অধীনত ৰাইজৰ পদূলি পদূলিয়ে আয়ুষ্মান কাৰ্ড বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ সেইবাবে জিলাখনৰ সকলো স্থানৰ গাঁও অঞ্চলৰ জনসাধাৰণকে এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় অতিৰিক্ত আয়ুক্তগৰাকীয়ে কয় ৷

আনহাতে আয়ুষ্মান সভাৰ জৰিয়তে আভা আই ডি (ABHA ID),সংক্ৰমিত ৰোগ ,যক্ষ্মা নিৰ্মূলকৰণ আদি বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে । জিলাখনৰ প্ৰতিটো স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত আয়ুষ্মান মেলাৰ আয়োজন কৰা হৈছে ৷ এই মেলাত সকলো ধৰণৰ স্বাস্থ্য সেৱা উপলব্ধ হোৱাৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব বুলি আগৰৱালাই সংবাদমেলখনত উল্লেখ কৰে ৷ লগতে এই ৰক্তদান কাৰ্যসূচীত ৰেড ক্ৰছ ছচাইটিয়েও অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে ।

আয়ুষ্মান ভৱৰ অংশ হিচাপে কোনো লোকে ইচ্ছা কৰিলে অংগ দান, ৰক্তদান কৰিব পৰা বিষয়ত গুৰুতৰ সহকাৰে লৈ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হ’ব বুলি আগৱালাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Hindi Day 2023: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ত হিন্দী দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.