ETV Bharat / state

তেজপুৰত বিদ্যালয় সপ্তাহৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:11 PM IST

তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ ৷ বিদ্য়ালয় সপ্তাহৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ হ’ল ৰাইজ ৷ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ নেতৃত্বৰ শলাগ লয় বিদ্যালয় সপ্তাহত সমবেত ৰাইজে ৷

Jugal High School tezpur
যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেজপুৰ, ১৪ ডিচেম্বৰঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি গায়ন-বায়ন আৰু সত্ৰীয়া সংস্কৃতিপূৰ্ণ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুগ্ধ কৰে ৷

Jugal High School tezpur
যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ

বিশেষকৈ মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি ছাত্ৰ-ছাত্ৰীসকলে মহাকাব্য দুখনৰ বিষয়ে আভাস দাঙি ধৰাৰ প্ৰয়াস কৰাৰ সমান্তৰালভাৱে জনগোষ্ঠীয় কলা-সংস্কৃতিৰ সমন্বয় আৰু স্বাভিমান দাঙি ধৰাৰ লগতে প্ৰত্যেকেই প্ৰতিজনৰ লগত একাত্ম হৈ পৰা নান্দনিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰিল সমবেত অভিভাৱক-ৰাইজ-শিক্ষক ৷

উল্লেখ্য যে, আজিৰে পৰা যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ-২০২৩ আৰম্ভ হৈছে ৷ পুৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে শোণিতপুৰ জিলাৰ আঁচনি বিষয়া তথা ছেবাৰ মাণ্ডলিক সচিব কৃষ্ণকান্ত ডেকাই৷ বক্তব্যত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ নেতৃত্বক প্ৰশংসা কৰাৰ লগতে যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যপ্ৰণালীৰ শলাগ লয় আৰু জনগোষ্ঠীয় সাজ-পোচাকত ছাত্ৰ-ছাত্ৰীসকলৰ সমন্বয় আৰু ভাতৃত্ববোধ প্ৰত্যক্ষ কৰি অভিভূত হোৱা বুলি মন্তব্য কৰে ৷

প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ নেতৃত্বত বিদ্যালয়খনৰ লগতে সমগ্ৰ কাৱৈমাৰী অঞ্চলত সুস্থ শৈক্ষিক পৰিৱেশ বিৰাজ কৰিবলৈ ধৰাৰ সমান্তৰালভাৱে সামাজিক-সাংস্কৃতিক দিশতো ছাত্ৰ-ছাত্ৰীসকলে স্থান লাভ কৰিব পাৰিছে ৷ তদুপৰি বিদ্যালয়খনৰ মাটিত আলু, ৰঙালাও, সৰিয়হ, জিৰা ধান আদি খেতিৰে প্ৰধান শিক্ষক বড়োৱে ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশ তথা আগন্তুক দিনত আত্মনিৰ্ভৰ হোৱাৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা কাৰ্যই সকলোকে মুগ্ধ কৰিছে ৷

প্ৰধান শিক্ষকগৰাকীৰ নেতৃত্বত বিদ্যালয়খনত গঢ়ি উঠিছে এখন নেমুৰ বাগিচা ৷ মূল্যবান শাল, চেগুণ, তিতাচপা, বনচোম, মেহগনি, অগৰু, নাগচম্পা, বগা চন্দন, ৰঙা চন্দন, ঠেকেৰা, লেতেকু, মহানিম গছেৰে পৰিপূৰ্ণ বিদ্যালয় চৌহদত গঢ়ি উঠিছে এক সেউজ বিপ্লৱ ৷ ইফালে অভিভাৱক, বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি-সদস্য, শিক্ষক-শিক্ষয়িত্ৰ, স্থানীয় ৰাইজ উপস্থিত থকা আৰু শিক্ষয়িত্ৰী তথা সাহিত্য আৰু সাংস্কৃতিক তত্বাৱধাক নিংকু নিশা নেওগে আঁত ধৰা বিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত আৰম্ভণি বক্তব্য প্ৰদান কৰে প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে ৷

বামুণপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্মীয়ে বক্তব্য প্ৰদান কৰা আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক ইন্দ্ৰেশ্বৰ নাথ, ডম্বৰুধৰ শইকীয়া, মাধৱ শইকীয়া, ভাৰতী দেৱী, হেমলতা শইকীয়া, শিক্ষয়িত্ৰী ক্ৰমে-গীতা বড়ো, ময়ূৰী কেওট, পল্লৱী শইকীয়া, ভীষ্মকান্ত মাহাতো, প্ৰণৱ কুমাৰ মিশ্ৰ, কুলেন পাটোৱাৰী, প্ৰশান্ত কুমাৰ নাথ আদি ৷

আনহাতে সাংস্কৃতিক শোভাযাত্ৰা অন্ত পৰাৰ পিছতে বিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে ৷

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ত ’ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.