ETV Bharat / state

পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ : হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা !

author img

By

Published : Dec 30, 2019, 6:46 PM IST

ক্ৰমাৎ হ্ৰাস পাইছে অসমলৈ পৰ্যটকৰ আগমণ ৷ বিগত তিনি মাহৰ চৰকাৰী তথ্য অনুসৰি প্ৰায় 60 শতাংশ পৰ্যটক হ্ৰাস পাইছে অসমত ৷ যাৰ ফলত অসম পৰ্যটন নিগমে হেৰুৱাইছে 4.5 ৰ পৰা 5 কোটি টকাৰ ৰাজহ ৷

Assam tourism lost huge ravenu curren year
পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ

তেজপুৰ, চিৰাং, ডিচেম্বৰ 30 : বছৰৰ শেষত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা দুঃখবৰ ৷ ক্ৰমাৎ হ্ৰাস পাইছে অসমলৈ পৰ্যটকৰ আগমণ ৷ বিগত তিনি মাহৰ চৰকাৰী তথ্য অনুসৰি প্ৰায় 60 শতাংশ পৰ্যটক হ্ৰাস পাইছে অসমত ৷ যাৰ ফলত অসম পৰ্যটন নিগমে হেৰুৱাইছে 4.5 ৰ পৰা 5 কোটি টকাৰ ৰাজহ ৷

সম্প্ৰতি অসমত চলি থকা আইন শৃংখলা জনিত পৰিস্থিতিৰ বাবেই অসমলৈ আগমণ কমিছে পৰ্যটকৰ ৷ শোণিপুৰ জিলাৰ পৰ্যটন ক্ষেত্ৰসমূহতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ শোণিতপুৰ জিলাৰ পৰ্যটন বিষয়া বাসৱ বৰাই জনোৱা মতে, অক্টোবৰ মাহত চৰকাৰী তথ্য অনুসৰি পৰ্যটক আছিল 80 জন ৷ কিন্তু ইয়াৰ ভিতৰত নাছিল এজনো বিদেশী পৰ্যটক ৷ নৱেম্বৰ মাহত 51 জন দেশীয় আৰু 5 গৰাকী বিদেশী পৰ্যটকৰ আগমণ ঘটে ৷ আনহাতে, ডিচেম্বৰ মাহত পৰ্যটকৰ সংখ্যা 18 জন ৷

তুলনামূলকভাৱে, 2018 চনত অক্টোৱৰ মাহত পৰ্যটকৰ সংখ্যা আছিল 157 জন ৷ ইয়াৰ বিপৰীতে বিদেশী পৰ্যটক আছিল 6 গৰাকী ৷ নৱেম্বৰ মাহত 42 জন দেশীয় পৰ্যটক আৰু 3 জন বিদেশী পৰ্যটক ৷ ডিচেম্বৰ মাহত 95 দেশীয় আৰু 9 জন বিদেশী পৰ্যটকৰ আগমণ হৈছিল শোণিতপুৰলৈ ৷

পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ

ইয়াৰ সমান্তৰালভাৱে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ আগমণ হ্ৰাসে প্ৰভাৱ পেলাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2018 বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল 33259 ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা আছিল 2082 গৰাকী ৷ চলিত বৰ্ষত মুঠ পৰ্যটকৰ সংখ্যা হ'ল 15218 আৰু ইয়াৰ ভিতৰত বিদেশী পৰ্যটক হ'ল 1258 গৰাকী ।

বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলতো নাই কোনো এজনো পৰ্যটক । দুষ্প্ৰাপ্য বিশ্ব বিখ্যাত সোণালী বান্দৰৰ ভূমি কাকৈজানাত প্ৰতি বছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত দেশী-বিদেশী পৰ্যটকে ভৰি থাকে ৷ কিন্ত 2019 বৰ্ষৰ অন্তিম ক্ষণতো বনাঞ্চলখনত নাই এজনো পৰ্যটক । চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰা এই কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰ ৰক্ষাৰ দ্বায়িত্ব বহন কৰিছে স্থানীয় লোকে । পৰ্যটক সকলৰ বাবে থকা-খোৱাৰ সকলো ব্যৱস্থা কৰিছে স্থানীয় লোকেই । কিন্ত এইবাৰ অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত কোনো পৰ্যটক অহা নাই বুলি জনালে স্থানীয় লোকে ।

উল্লেখ্য যে, পৰ্যটকক আকৰ্ষণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে যদিও বৰ্তমান অসমৰ পৰিস্থিতিৰ বাবে অসমলৈ আহিবলৈ শংকিত হৈ পৰিছে পৰ্যটক ৷ চৰকাৰ পক্ষই এই ক্ষেত্ৰত সংশোধিত নাগৰিকত্ব আইন বিৰুদ্ধে চলা আন্দোলনক দোষাৰোপ কৰিব খুজিছে ৷ কিন্তু, অসমৰ ৰাইজে বাৰম্বাৰ বাধা দিয়াৰ পাচতো বলপূৰ্বকভাৱে চৰকাৰে আইনখন অসমীয়াৰ ওপৰত জাপি দিয়াৰ বাবে যি হঠকাৰী সিদ্ধান্ত লৈছে সেই সিদ্ধান্তও কিন্তু দোষমুক্ত নহয় ৷

Intro:তেজপুৰ,৩০ ডিচেম্বৰ: ৰাজ্যত ভয়ানক ভাবে হ্ৰাস পাইছে পৰ্যটকৰ । যোৱা তিনিটা মাহৰ চৰকাৰী খতিয়াৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় ৬০ শতাংশ পৰ্যটকৰ হ্ৰাস পাইছে অসমত । শোণিতপুৰ জিলাটো ইয়াৰ বিস্তাৰ প্ৰভাৱ পেলাইছে ।অসম পৰ্যটন বিভাগে ৪.৫ পৰা ৫ কোটি টকাৰ ৰাজহ হেৰুৱাইছে বুলি জানিব দিয়ে জিলা পৰ্যটন বিষয়া বাসব বৰাই ।

Body:সম্প্ৰতি ৰাজ্যত চলি থকা আইন শৃংখলা জনিত কাৰণৰ বাবে অসমৰ পৰ্যটন বিভাগে হেৰুৱাব লগা হৈছে ৰাজহ ।
শোণিতপুৰ জিলাৰ পৰ্যটন বিষয়া বাসব বৰাই জনোৱা মতে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ ধাৰা এনে ধৰণৰ অক্টোবৰ মাহত ৮০ জন চৰকাৰী তথ্য অনুসৰি ইয়াৰ বিপৰীতে এজনো বিদেশী পৰ্যটক নাই ।ইয়াৰ পিছত নৱেম্বৰ মাহত ৫১ জন আৰু বিদেশী পৰ্যটক ৫ জন আৰু ডিচেম্বৰ মাহত ১৮ জন । এই সময়ত দুই এজন ঘৰুৱা ভাবে থকা ব্ৰিটিছ পৰ্যটক (জেক কেলছে ) পতি পত্নীয়ে তেজপুৰত অসুবিধা ৰ সন্মূখীন হব লগা হৈছিল পিছত চৰকাৰে ইয়াৰ পৰা পঠিয়াবলৈ সক্ষম হয় ।
আনহাতে তুলনামূলকভাৱে 2018 চনত অক্টোবৰ মাহত আছিল ১৫৭ জন ইয়াৰ বিপৰীতে ৬ গৰাকী বিদেশী পৰ্যটক , নৱেম্বৰ মাহত ৪২ জন আৰু বিদেশী ৩ আৰু ডিচেম্বৰ মাহত ৯৫ জন ঘৰুৱা আৰু ৯ জন বিদেশী পৰ্যটক ।
পৰ্যটক --২০১৮ চনত এনেধৰণৰ ।
দেশী---------–------বিদেশী

অক্টোবৰ - - ১৫১-----------------৬ ---মুঠ ১৫৭
নৱেম্বৰ-------------- ৩৯–-----------------৩----- ৪২
ডিচেম্বৰ–---------------৮৬-----------------৯------- ৯৫
–――----–-----////---–--------------------------------------------
মুঠ ২৭৬--- ১৮ ২৯৪

২০১৯ চনত
অক্টোবৰ–--------/- ৮০------------- ০--------- ৮০ .
নৱেম্বৰ---------------৪৬-------------- ৫---------- ৫১
ডিচেম্বৰ-------------- ১৮--------------০-----------১৮
–---------------------------------------------------------------------
মুঠ ১৪৯ ৫ ১৫৪

Conclusion:উল্লেখযোগ্য যে ইয়াৰ সমান্তৰাল ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০১৮ বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ৩৩২৫৯ ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা আছিল ২০৮২ গৰাকী । আনহাতে চলিত বৰ্ষৰ হিচাব এনে ধৰণৰ মুঠ পৰ্যটকৰ সংখ্যা হল ১৫২১৮ আৰু ইয়াৰ ভিতৰত বিদেশী পৰ্যটক হল ১২৫৮ গৰাকী । ফলস্বৰূপে চৰকাৰৰ লগতে স্থানীয় ব্যৱসায় প্ৰতিষ্ঠান পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ থকা লোকৰ এক প্ৰকাৰ হাৰাশাস্তি হোৱা পৰিলক্ষিত হৈছে ।

প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
৩০/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.