তেজপুৰ, ৮ আগষ্ট : মণিপুৰৰ জিৰিবামত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ । অসম ৰাইফলছৰ (পূব) মহা পৰিদৰ্শকৰ অধীনত চলোৱা এক তালাচী অভিযানত এই নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰা হয় । অসম ৰাইফলছৰ (পূব) মহা পৰিদৰ্শকৰ অধীনত আৰু আগৰতলা ছেক্টৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়ন আৰু জিৰিবাম আৰক্ষীৰ এটা বিশেষ দলে যুটীয়াভাৱে এই অভিযান চলায় । অভিযানত মণিপুৰৰ জিৰিবাম জিলাৰ চোটাবেক্ৰাৰ পৰা প্ৰায় ৮০ লাখ টকাৰ হেৰইনৰ ১৩ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে । লগতে ইয়াৰ সৰবৰাহৰ লগত জড়িত তিনিজন লোকক আটক কৰে ।
মণিপুৰৰ বৰ্তমানৰ অগ্নিগৰ্ভা পৰিস্থিতি সন্দৰ্ভত অসম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, চোৰাং ব্যৱসায়ীসকলে মণিপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছে । আনহাতে, নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী চলাই অহা যুঁজত এইটো এক ডাঙৰ সফলতা হিচাপে পৰিগণিত হৈছে । উদ্ধাৰ কৰা সামগ্ৰী আৰু ধৃত ব্যক্তিসকলক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে জিৰিবাম আৰক্ষীৰ হাতত গতাই দিয়া হৈছে ।
উল্লেখ্য যে 'গ'ল্ডেন ট্ৰায়েংগল' বা সোণালী ত্ৰিভুজৰ ওচৰত থকাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহ এক মুখ্য চিন্তাৰ কাৰণ হৈ আহিছে । আনহাতে, 'উত্তৰ-পূবৰ প্ৰহৰী' হিচাপে সঠিকভাৱে নামকৰণ কৰা অসম ৰাইফলছে নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসম ৰাইফলছে অঞ্চলটোত নিৰন্তৰ ড্ৰাগছবিৰোধী অভিযান চলাই আহিছে ।
এই অভিযানে যুৱচামক ড্ৰাগছৰ বিপদৰ বলি হোৱা প্ৰতিহত কৰাৰ লক্ষ্যত যথেষ্ট অৰিহণা যোগাইছে । উল্লেখ্য যে মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ আঁৰত নাৰ্কো সন্ত্ৰাসবাদ আছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে । কিয়নো মণিপুৰ চৰকাৰে শেহতীয়াভাৱে পপী খেতি ধ্বংস কৰিছে আৰু ইয়াৰ ফলত ৰাজ্যখনৰ পাহাৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ৩ মে'ৰ পৰা সংঘটিত মণিপুৰৰ জাতিগত হিংসা বৰ্তমানো অব্যাহত আছে ।