ETV Bharat / state

অমৃত মহোৎসৱ : শ্বিলঙৰ পৰা দিল্লীলৈ অসম ৰাইফলছৰ চাইকেল ৰেলী

ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণক যুগমীয়া কৰাৰ উদ্দেশ্যৰে এইবাৰ দেশত উদযাপন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" । লগতে অমৃত মহোৎসৱ উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিৰক্ষা বাহিনীয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসম ৰাইফলছেও অমৃত মহোৎসৱৰ অংশ হিচাপে আয়োজন কৰিছে চাইকেল ৰেলী । শ্বিলঙৰ পৰা দিল্লীলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে অসম ৰাইফলছৰ জোৱানসকলে ।

Assam Rifles cycle rally from Shillong to Delhi
শ্বিলঙৰ পৰা দিল্লীলৈ অসম ৰাইফলছৰ চাইকেল ৰেলী
author img

By

Published : Sep 6, 2021, 12:57 PM IST

তেজপুৰ, ৬ ছেপ্তেম্বৰ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ ৷ ইয়াকে ভাবি প্ৰতিগৰাকী ভাৰতীয়ৰ মন গৌৰৱেৰে, দেশপ্ৰেমৰ মনোভাৱেৰে গদ গদ হৈ পৰে । আজি দেশবাসীয়ে এই আনন্দ লাভ কৰাত অৰিহণা যোগোৱা, দেশৰ বাবে নিজৰ জীৱন তুচ্ছ কৰা প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামী, সাহসী বীৰলৈ শ্ৰদ্ধা জনাই দেশত পালন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" । চি আৰ পি এফ, ভাৰতীয় সেনা, সশস্ত্ৰ সীমা বল আদি সকলোৱে এই "আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

Assam Rifles cycle rally from Shillong to Delhi
শ্বিলঙৰ পৰা দিল্লীলৈ অসম ৰাইফলছৰ চাইকেল ৰেলী

অসম ৰাইফলছো দেশৰ এই আনন্দৰ মুহুৰ্তৰ অংশীদাৰ হৈছে । শ্বিলঙৰ পৰা নতুন দিল্লীলৈ চাইকেল ৰেলীৰ আয়োজন কৰিছে অসম ৰাইফলছে । প্ৰায় ৩ হাজাৰ কিল’মিটাৰজোৰা পথ অতিক্ৰম কৰি নতুন দিল্লীত উপস্থিত হোৱাৰ সংকল্প লৈছে জোৱানসকলে । অসম ৰাইফলছৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এই 'ফ্ৰীডম চাইক্লিং ৰেলী' আৰম্ভ হৈছে ।

শ্বিলঙৰ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় লাইটকোৰ সঞ্চালকালয়ৰ সঞ্চালক এভিএছএম, ৱাইএছএম, ৱাইএছএমৰ লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে এই ৰেলীৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানত ৯৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী কৃষ্ণ লহকৰ, কেপ্তেইন কেইছিং ক্লিফৰ্ড নংৰুম, এম ভি চি, মেজৰ ডেভিড মানলুন, কেচি আৰু লাইটকোৰ গেৰিছনৰ সকলো পদৰ বিষয়া আৰু পৰিয়াল উপস্থিত থাকে ।

এই ৰেলীয়ে প্ৰগতিশীল ভাৰতৰ ৭৫ বছৰ ইতিহাস আৰু জনসাধাৰণ, সংস্কৃতি, সাফল্যৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰিব আৰু লগতে "ফিট ইণ্ডিয়া আন্দোলন"ৰ প্ৰচাৰ কৰিব বুলি আশাবাদী অসম ৰাইফলছৰ শীৰ্ষ বিষয়াসকল । শ্বিলঙৰ পৰা যাত্ৰা আৰম্ভ কৰা জোৱানসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থানসমূহ পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে ।

অসম ৰাইফলছৰ ডি জিয়ে উদ্বোধনী ভাষণত উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ দিশত অসম ৰাইফলছে পালন কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । তেওঁ লগতে কয় যে, নাগৰিকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ জৰিয়তে অসম ৰাইফলছে অঞ্চলটোৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

চাইকেল ৰেলীৰ শুভাৰম্ভ অনুষ্ঠানত অসম ৰাইফলছ পাইপ বেণ্ডৰ দ্বাৰা পাইপ বেণ্ড ডিচপ্লে কৰা হয় । দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া সংগ্ৰামী আৰু অসম ৰাইফলছৰ বিষয়াসকলকো সম্বৰ্ধনা জনোৱা হয় । উত্তৰ-পূৰ্বাঞ্চলৰ 'চেণ্টিনেল' হিচাপে জনাজাত অসম ৰাইফলছে উত্তৰ-পূৱত শান্তি অটুট ৰখা আৰু উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । পূৰ্বেও অসম ৰাইফলছে এনে ধৰণৰ চাইকেল ৰেলীৰ দৰে বহুতো কাৰ্যসূচী হাতত লৈছিল আৰু এই প্ৰচেষ্টাই দেশত ঐক্য-সংহতি বজাই ৰখাত সহায় কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়ামলৈ পৰিণত হ’ব নলবাৰী কলেজ খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.