ETV Bharat / state

বেংগালুৰুত উদ্ধাৰ ৰঙাপৰাৰ সন্ধানহীন কিশোৰী-কিশোৰ - দুয়োগৰাকীকে তেজপুৰ জিলা আদালতত হাজিৰ কৰোৱা হয়

তেজপুৰৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰীক এজন কিশোৰৰ সৈতে বেংগালুৰুত উদ্ধাৰ কৰা হৈছে । কিন্তু অসমৰ পৰা কিয় গৈছিল কিশোৰ-কিশোৰী দুগৰাকী ? কিশোৰজনৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন হৈছে তেজপুৰত ?

missing from tezpur
বেংগালুৰুত উদ্ধাৰ ৰঙাপৰাৰ সন্ধানহীন কিশোৰী কিশোৰ
author img

By

Published : Aug 19, 2021, 9:04 PM IST

তেজপুৰ,১৯ আগষ্ট : বেংগালুৰুত উদ্ধাৰ অসমৰ দুই কিশোৰ-কিশোৰী । শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বৰজুলি চাহ বাগিছাৰ পৰা নিৰুদ্দেশ হৈছিল দুয়োগৰাকী কিশোৰ-কিশোৰী । বেংগালুৰু আৰক্ষীৰ সহযোগত শোণিতপুৰ আৰক্ষীৰ এটা দলে বুধবাৰে বেংগালুৰুৰ কেন্টনমেন্ট ৰে'লৱে ষ্টেচনৰ (Bangalore Cantonment railway station) পৰা উদ্ধাৰ কৰে দুয়োগৰাকীক ।

পৰৱৰ্তী সময়ত বিমানযোগে গুৱাহাটীত উপস্থিত হয় কিশোৰ-কিশোৰী আৰু আৰক্ষীৰ দলটো আৰু সম্প্ৰতি দুয়োগৰাকীকে তেজপুৰ জিলা আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে যোৱা ১৭ আগষ্টত গুৱাহাটীৰ পৰা গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ ০২৫১ নম্বৰ ৰেলযোগে বেংগালুৰুত উপস্থিত হৈছিল কিশোৰ-কিশোৰী দুগৰাকী । উল্লেখ্য যে প্ৰথমাৱস্থাত কিশোৰীগৰাকী সন্ধানহীন হোৱাৰ খবৰ পোহৰলৈ আহিছিল । সন্ধানহীন হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল ।

বেংগালুৰুত উদ্ধাৰ ৰঙাপৰাৰ সন্ধানহীন কিশোৰী-কিশোৰ

পিছত গম পোৱা মতে ওচৰৰে গাঁৱৰ এগৰাকী ইছলাম ধৰ্মৰ লোকৰ পুত্ৰই হিন্দু ধৰ্মৰ কিশোৰীগৰাকীক পলুৱাই লৈ গৈছে । দুয়োগৰাকী কিশোৰ-কিশোৰী বেলেগ বেলেগ ধৰ্মৰ হোৱাৰ বাবে তীব্ৰ উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলত । কিশোৰজনৰ ঘৰলৈ কিশোৰীগৰাকীক বিচাৰি পৰিয়ালে যোৱাৰ সময়তে পৰিস্থিতি আৰু বেছি উত্তেজিত হৈ পৰে ।

আনকি বৰজুলিত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় । উত্তেজনাৰ সময়ত আনকি কিশোৰ জনৰ পৰিয়ালে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

অৱশ্যে সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । প্ৰকৃততে কিশোৰজনৰ ওপৰত অপহৰণৰ যি অভিযোগ উত্থাপন হৈছে সেয়া কিমান সঁচা ? দুয়োগৰাকীয়ে কিয় বেংগালুৰুলৈ গৈছিল ? দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল নেকি বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক:যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.