ETV Bharat / state

Joha rice: দুবিধ ৰোগৰ প্ৰতিষেধক হিচাবে বিবেচিত হৈছে অসমৰ জহা চাউল - Assam Joha rice

অসমৰ জহা চাউলৰ আছে ঔষধি গুণ ৷ শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য ৷ উল্লেখ্য যে এই জহা চাউল কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতহে উৎপাদন হয় ৷

Joha rice
Joha rice
author img

By

Published : Jun 24, 2023, 5:17 PM IST

তেজপুৰ, ২৪ জুন: অসমৰ সাৰুৱা মাটিৰে উজ্জীৱিত তথা অসমীয়া কৃষকে মূৰৰ ঘাম পেলাই কৰা জহা ধানৰ খেতিয়ে লাভ কৰিছে স্বীকৃতি ৷ জহা চাউল শেহতীয়াকৈ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ প্ৰতিষেধক হিচাবে বিবেচিত হৈছে ৷ কিয়নো শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি জহা চাউলৰ আছে মধুমেহ ৰোগ প্ৰতিৰোধৰ লগতে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষমতা ৷

বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰাকৃতিক সুগন্ধিযুক্ত জহা ধান তথা জহা চাউলৰ সন্দৰ্ভত এক গৱেষণা কৰিছিল ইনষ্টিটিউট অব্ এডভাঞ্চ ষ্টাডী ইন চায়েঞ্চ এণ্ড টেকনলজিত ৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত স্বতন্ত্ৰ প্ৰতিষ্ঠানটোত অনুষ্ঠিত গৱেষণাৰ অন্তত বিজ্ঞানীসকল এটা সিদ্ধান্তত উপনীত হয় যে জহা চাউলত আছে দুই প্ৰকাৰৰ অসংপৃক্ত ফেটি এচিড ৷

সেয়া হৈছে- লিনোলিক এচিড (Omega-6) আৰু লিনোলেনিক এচিড (Omega-3) ৷ যি দুবিধ অসংপৃক্ত ফেটি এচিডে বিভিন্ন শাৰীৰিক স্থিতি বৰ্তাই ৰখাত সহায় কৰে ৷ আনহাতে এই জহা চাউল শোণিতপুৰ জিলাৰ খেতিয়কে প্ৰতি হেক্টৰত ১৮ কুইণ্টল ধান উৎপাদন কৰে ।

এই খেতি একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাহিৰে আন ঠাইত উপলব্ধ নহয় ৷ শোণিতপুৰৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই জনোৱা মতে জহা ধান কেইবা প্ৰকাৰৰ আছে ৷ যেনে ক’লা জহা (Kola Joha), বগা জহা (Boga Joha), ৰামপাল জহা (Rampal Joha), কণ জহা (Kon Joha), মাণিকীমধুৰি জহা (Manikimodhuri Joha), কেতেকী জহা (Keteki Joha), তুলসী জহা (Tuloshi Joha), গোবিন্দ তুলসী জহা (Govinda Tuloshi Joha) আৰু ঘুগুলি জহা (Ghuguli Joha) ৷

শেহতীয়া কৈ কৃষি বিভাগে নতুনকৈ আৰু দুবিধ জহা খেতিৰ বাবে ব্যৱহাৰ কৰিছে বুলি কৃষি বিষয়া পংকজ শইকীয়াই উল্লেখ কৰে ৷ উল্লেখ্য যে গৱেষকসকলে এইটোও জানিব পাৰে যে অ-সুগন্ধিযুক্ত চাউলৰ তুলনাত সুগন্ধিযুক্ত জহা চাউলত উপলব্ধ অমেগা-৬ আৰু অমেগা-৩ ৰ অধিক সন্তুলিত অনুপাত আছে ৷

লগতে এই জহা চাউল ব্যৱহাৰ কৰি ৰাইচ ব্ৰাণ তেলো তৈয়াৰ কৰিছে, যি তেল ব্যৱহাৰ কৰিলে বহুমূত্ৰ ৰোগ প্ৰতিৰোধত সহায়ক হ'ব বুলি দাবী কৰিছে গৱেষকসকলে । উল্লেখ্য, এই সমগ্ৰ গৱেষণাটোৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে ৷

লগতে পঢ়ক: Constituency Delimitation 2023 : মই যুঁজি আছো গব্বৰ সিঙৰ লগত ওলাইছেহি ছাম্বা; কিয় ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.