তেজপুৰ, ৪ মাৰ্চ: এগৰাকী আশাকৰ্মী ৰঙাপৰা পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱাক লৈ এতিয়া আৰম্ভ হৈছে কন্দল (Asha kormi contested in Municipal election)। নিৰ্দলীয় প্ৰাৰ্থী মিঠু পালে ৰঙাপৰা পৌৰ সভাৰ ৰিটাৰ্ণিং বিষয়ালৈ এই অভিযোগ দাখিল কৰিছে যে, বিজেপিৰ প্ৰাৰ্থী মালতী ৰায় এগৰাকী আশাকৰ্মী । আইন অমান্য কৰি এই প্ৰাৰ্থীত্ব বিজেপিয়ে প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
পৌৰ সভাৰ আইন অনুসৰি 156, section 15(vii) অধীনত মালতী ৰায় এগৰাকী চৰকাৰী চাকৰিয়াল হিচাপে কোনো ধৰণৰ ৰাজনৈতিক নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে । তেনেস্থলত বিজেপিৰ তৰফৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সেয়া এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক: নাৰায়ণপুত নিৰ্বাচনকেন্দ্ৰিক সংঘাত: আহত হয় তিনি বিজেপি কৰ্মী