ETV Bharat / state

Illegal liquor seized : শোণিতপুৰত ২৫ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক আটক

author img

By

Published : Jan 12, 2023, 4:35 PM IST

শোণিতপুৰত আবকাৰী বিভাগৰ অভিযানত জব্দ ৩০০ কাৰ্টন অৰুণাচলী সুৰা (Arunachali liquor seized)। সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰা হয় । ঘটনা সন্দৰ্ভত আটক মণিপুৰৰ দুজন সুৰা সৰবৰাহকাৰী ।

Illegal liquor seized
শোণিতপুৰত ২৫ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ

তেজপুৰ, ১২ জানুৱাৰী : শোণিতপুৰত আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা (Arunachal liquor seized in Sonitpur)। সুৰা সৰবৰাহ সন্দৰ্ভত দুজন লোককো আটক কৰা হয় । ঘটনা সন্দৰ্ভত আবকাৰী বিভাগে অধিক অনুসন্ধান আৰম্ভ কৰিছে ।

সমাগত ভোগালী বিহু । তাৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সষ্টম হৈ পৰিছে আবকাৰী বিভাগ । ইয়াৰ মাজতে শোণিতপুৰ জিলাৰ বালিপৰাত অভিযান চলাই আবকাৰী বিভাগে জব্দ কৰে প্ৰায় ৩০০ কাৰ্টন অৰুণাচলী সুৰা (Huge amount of illegal liquor seized)। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰঙাপৰা আবকাৰী বিভাগৰ সহযোগত শোণিতপুৰ আবকাৰীয়ে জব্দ কৰে অবৈধ সুৰাখিনি । অৰুণাচল প্ৰদেশৰ পৰা এখন ১০ চকীয়া ট্ৰাকত কৌশলেৰে সুৰাখিনি সৰবাৰহৰ চেষ্টা কৰিছিল ।

সুৰা সৰবৰাহত জড়িত ট্ৰাকখনৰ নম্বৰ AS-01-LC-3187 বুলি জানিব পৰা গৈছে । ট্ৰাকখনৰ ভিতৰত ইটাৰে ঢাকি সুৰাখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । জব্দ হোৱা অৰুণাচলী সুৰাখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা হ'ব বুলি জনাইছে আবকাৰী বিভাগে । সুৰা সৰবৰাহত জড়িত দুজন লোককো আটক কৰিছে আবকাৰী বিভাগে (Two liquor smuggler detained in Sonitpur)। আটকাধীন লোক দুজন মণিপুৰৰ ইম্ফলৰ ব্যচা সিং আৰু থৈবাল জিলাৰ ৱিকি সিং বুলি জানিব পৰা গৈছে ।

শোণিতপুৰ জিলাৰ আবকাৰী অধীক্ষক ৱাৰিছ বৰকাকতিয়ে জনোৱা মতে সুৰাখিনি অৰুণাচলৰ পৰা অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল । এই সন্দৰ্ভত আটকাধীন লোককেইজনক আবকাৰী বিভাগৰ বিষয়াসকলে সোধা-পোছা অব্যাহত ৰাখিছে ।

ইফালে বুধবাৰে নিশা তিনিচুকীয়া জিলাৰ বৰডুমচাতো আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৬০০ কাৰ্টন অৰুণাচলী সুৰা (Excise raid against illegal liquor)। সুৰা মাফিয়াই অতি কৌশলেৰে এখন ট্ৰাকত সুৰাখিনি সৰবৰাহৰ চেষ্টা কৰিছিল । অৱশ্যে আৰক্ষীয়ে গোপন খবৰ লাভ কৰি প্ৰায় ৮৫ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ কৰে । আনহাতে ঘটনা সন্দৰ্ভত ৬ জন সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে (6 liquor smuggler detained in Tinsukia)।

উল্লেখ্য যে অৰুণাচলী সুৰা জব্দ হোৱাৰ ঘটনা এয়াই প্ৰথম নহয় । একাংশ সুৰা মাফিয়াই প্ৰায়ে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অবৈধভাৱে অৰুণাচলী সুৰা সৰবৰাহ কৰি আহিছে । অৱশ্যে আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই বিভিন্ন সময়ত জব্দ কৰি আহিছে অবৈধ সুৰাসমূহ । সেয়েহে সুৰা মাফিয়াসকলে সুৰা সৰবৰাহৰ ক্ষেত্ৰত নতুন নতুন কৌশল লোৱা দেখা গৈছে ।

লগতে পঢ়ক :Poacher Arrest in Tinsukia: পেঙেৰীত বন্দুকসহ আটক তিনি চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.