ETV Bharat / state

কান্ধত ঢোল লৈ এপাক বিহু নাচিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে - ইটানগৰত মুখ্যমন্ত্ৰীৰ বাসভৱন

এক ভিন্ন ৰূপত দেখিবলৈ পোৱা গ'ল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ কান্ধত ঢোল লৈ বিহু মাৰিলে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Arunachal Pradesh CM celebrating Rongali Bihu) । সামাজিক মাধ্যমযোগে অসম আৰু অৰুণাচল সংস্কৃতিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Arunachal Pradesh CM celebrating Rongali Bihu
ৰাজনীতি এৰি ঢুলীয়াৰ ৰূপত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু
author img

By

Published : Apr 22, 2022, 8:39 PM IST

তেজপুৰ, ২২ এপ্ৰিল : এইবাৰ কান্ধত ঢোল লৈ বিহু মাৰিলে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । ইটানগৰত মুখ্যমন্ত্ৰীৰ বাসভৱনত বৃহপতিবাৰে সাত বিহুৰ দিনা মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে এক ভিন্ন ৰূপত দেখিবলৈ পোৱা গ'ল ৷ নিশা পাহাৰীয়া ৰাজ্যখনৰ ৰাজধানীত থকা অসমীয়া লোকসকলৰ সৈতে ঘোষা গাই একেলগে বিহুৰ আনন্দ ল'লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Arunachal Pradesh CM celebrating Rongali Bihu) ।

কান্ধত ঢোল লৈ এপাক বিহু নাচিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

ইফালে বিহুদলৰ লোকসকলৰ সৈতে একেলগে ঢোল বজাই বিহুগীত গাই এপাক কঁকাল ঘূৰাই নাছিলে খাণ্ডুৱে (Arunachal Pradesh CM Pema Khandu) । অসমৰ সাতামপুৰীয়া ঐতিহাসিক ৰঙালী বিহু পালন কৰি টুইটাৰযোগে তেওঁ অসমৰ সংস্কৃতিৰ কথাও প্ৰকাশ কৰে ।

ইফালে বহু পুৰণি ৰীতি-নীতি সন্নিৱিষ্ট ৰঙালী বিহুৰ আনন্দ লৈ নিজকে গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অতীজৰে পৰা দুয়োখন ৰাজ্যৰ মাজত প্ৰচলিত হৈ অহা সংস্কৃতিৰ কথাও তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে । এনেদৰে একেলগে বিহু উদযাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঐক্য আৰু সম্প্ৰীতিৰ এক বিৰল নিদৰ্শণ দাঙি ধৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : তেজপুৰত উদযাপন বিশ্ব ধৰিত্ৰী দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.