ETV Bharat / state

দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

author img

By

Published : Nov 17, 2020, 9:24 PM IST

ব্যাপক চাহিদা থকা কিৱি ফল এতিয়া সহজলভ্য হৈ পৰিছে অৰুণাচলৰ বজাৰত ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ২০২৩ চনৰ ভিতৰত দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদন কৰা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰিছে আৰুণাচল প্ৰদেশ চৰকাৰে ৷

As_01_Arunachal_Kiwi_fruit_vis_7203907
দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

তেজপুৰ,17 নৱেম্বৰঃ অৰুণাচলত এতিয়া বিঘাই বিঘাই মাটিত উৎপাদন হৈছে কিৱি ফল ৷ সুস্বাদু কিৱি ফলৰ বাগিচাৰে ভৰি পৰিছে সোৱণশিৰিৰ ডিবাং ভেলি ৷ ব্যাপক চাহিদা থকা কিৱি ফল এতিয়া সহজলভ্য হৈ পৰিছে অৰুণাচলৰ বজাৰত ৷ আনকি দেশৰ বিভিন্ন প্ৰান্তলৈও উচ্চ চাহিদাযুক্ত এই ফলবিধৰ ৰপ্তানি কৰবলৈ সক্ষম হৈছে অৰুণাচলে ৷ চলিত বৰ্ষত অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি বিভাগে নামনি সোৱণশিৰিৰ জিলাৰ জিৰো অঞ্চলৰ পৰা ৬ টন কিৱি ফল দিল্লীৰ এখন ব্যক্তিগত ফাৰ্মক বিক্ৰী কৰিছে । ২০১৬ চনত অৰুণাচল প্ৰদেশত এই ফলৰ উৎপান আছিল ৬০ টন যি 2019ত হয়গৈ ১০২ টন ৷ ২০২৩ চনৰ ভিতৰত দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদন কৰা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰিছে আৰুণাচল প্ৰদেশ চৰকাৰে ৷

ইতিমধ্যে নামনি সোৱণশিৰিৰ জিৰো অঞ্চলত কৃষি বিভাগে অৰুনাচল প্ৰদেশ চৰকাৰৰ তৎপৰতাত এখন কিৱি ফলৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ এই ক্ষেত্ৰত কৃষকসকলক অৰ্গেনিক ফাৰ্মিঙৰ বাবে উদগনি জনাইছে ৰাজ্য চৰকাৰ আৰু জিলা বিষয়া সকলে ৷ উল্লেখ্য যে,কিৱি ফলৰ পৰা এবিধ সুৰা প্ৰস্তুত কৰা হয় আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ মাত্ৰ অৰুণাচল প্ৰদেশত উৎপাদিত হয় । ভৱিষ্যতলৈ এই কিৱি ফলৰ উৎপাদনে অৰুনাচলৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়ক-ডিমা হাছাওত বহিৰাগত মুছলমানে নাপাব চৰকাৰী সুবিধাঃ দেৱলাল গাৰ্লোচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.