ETV Bharat / state

1962 Indo-China war সম্পৰ্কে কি ক'লে অৰুণাচলৰ ৰাজ্যপালে ?

author img

By

Published : Nov 21, 2021, 7:27 PM IST

Updated : Nov 21, 2021, 7:46 PM IST

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত এক সৈনিক সন্মিলনত অংশ লৈ ভাৰত-চীন যুদ্ধৰ কথা স্মৰণ কৰিলে ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) বি.ডি. মিশ্ৰই । বিভিন্ন বিষয়ত ভাষণ দিয়াৰ লগতে মোডী চৰকাৰক প্ৰশংসাও কৰিলে ৰাজ্যপালগৰাকীয়ে ।

Governer
1962 Indo China war সম্পৰ্কে কি ক'লে অৰুণাচলৰ ৰাজ্যপালে

তেজপুৰ, ২১ নৱেম্বৰ : ‘‘১৯৬২ চনত যদি ভাৰতৰ শক্তিশালী নেতৃত্ব থাকিল হয়, তেন্তে চীন-ভাৰত (China-India War) যুদ্ধত চীনৰ বিৰুদ্ধে ভাৰতে কোনো বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ'বলগা নহ'লহেতেন । কাৰণ এতিয়া পৰিস্থিতি আৰু সমীকৰণবোৰ সলনি হৈছে । ভাৰত হৈছে বিশ্বৰ অন্যতম শক্তিশালী সশস্ত্ৰ বাহিনীৰ (Armed forces) দেশ । কিন্তু আমি আমাৰ ৰক্ষকসকলক হেয় কৰা উচিত নহয় ।’’ এই মন্তব্য অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) বি.ডি. মিশ্ৰৰ (Brig (Retd) B D Mishra) ।

Arunachal Pradesh
1961 Indo China war সম্পৰ্কে কি ক'লে অৰুণাচলৰ ৰাজ্যপালে

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওত ৰাজপুত ৰেজিমেণ্টৰ ১৪তম বেটেলিয়নৰ কোম্পানী অপাৰেশ্যনেল বেছত এক সৈনিক সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে । তেওঁ লগতে কয় যে প্ৰতিজন সৈন্যই আমাৰ সীমান্তত যিকোনো পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব । ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সেনা বাহিনীৰ বাবে যথেষ্ট কাম কৰি আছে । নিৰাপত্তা বাহিনীৰ (Security forces) প্ৰতি চৰকাৰৰ মনোভাৱত এক আমূল পৰিৱৰ্তন আহিছে ।

এতিয়া দেশৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্ব সুৰক্ষা কৰ্মীসকলৰ কল্যাণৰ বিষয়ে যথেষ্ট চিন্তিত বুলিও ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে । ১৯৬৫ চনত কোম্পানী কামাণ্ডাৰ হিচাপে ১৪ ৰাজপুতৰ সৈতে ভাৰত-পাক যুদ্ধত অংশগ্ৰহণ কৰা বেটেলিয়ন আৰু ইয়াৰ সৈনিকসকলৰ সাহস আৰু দক্ষতাৰ প্ৰশংসাও কৰে ৰাজ্যপাল মিশ্ৰই ।

ৰাজ্যপালগৰাকীয়ে বিষয়া আৰু জোৱানসকলক অনুশাসন বজাই ৰাখিবলৈ, শাৰীৰিক সুস্থতা আৰু ক্ষেত্ৰ শিল্পৰ বাবে নিজকে কঠোৰ প্ৰশিক্ষণ দিবলৈ আৰু তেওঁলোকক নিযুক্তি দিয়া অঞ্চলৰ অসামৰিক জনসাধাৰণৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে । তেওঁ লগতে কয় যে যদি তেওঁলোক দৃঢ় প্ৰতিজ্ঞ হয় তেন্তে তেওঁলোকে তেওঁলোকৰ সকলো প্ৰচেষ্টাত সফল হ'ব পাৰিব । উল্লেখ্য যে অনুষ্ঠানত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিবেক আনন্দে ৰাজ্যপালক তেওঁৰ ভূমিকা, দায়িত্বৰ ক্ষেত্ৰ আৰু ইউনিটৰ অভিযানৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক :Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

Last Updated : Nov 21, 2021, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.