ETV Bharat / state

সেনা প্ৰধানৰ মৃত্যুত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ শোকপ্ৰকাশ

author img

By

Published : Dec 10, 2021, 8:34 PM IST

চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত মৰ্মাহত সমগ্ৰ দেশ । ইতিমধ্যে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে জেনেৰেল বিপিন ৰাৱাটৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰ) ডঃ বি ডি মিশ্ৰইও গভীৰ শোক প্ৰকাশ কৰে (Arunachal Governor condoles the death of CDS)। জেনেৰেল ৰাৱাটক অৰুণাচলৰ সাধাৰণ জনতাৰ বন্ধু আখ্যা ৰাজ্যপালৰ ।

CDS Bipin Rawat Death
সেনা প্ৰধানৰ মৃত্যুত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ শোকপ্ৰকাশ

তেজপুৰ,১০ ডিচেম্বৰ : ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে (CDS Bipin Rawat death) । ইয়াৰ মাজতে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰ) ডঃ বি ডি মিশ্ৰৰ শোক প্ৰকাশ (Arunachal Governor condoles the death of CDS)। চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে ৰাজ্যপাল গৰাকীয়ে ।

এক শোক বার্তাযোগে অৰুণাচলৰ ৰাজ্যপালগৰাকীয়ে কয় যে জেনেৰেল ৰাৱাটৰ মৃত্যুত ভাৰতে এগৰাকী মহান দেশপ্ৰেমী, মহান ৰণনীতিবিদ, এগৰাকী সাহসী সৈনিক আৰু এগৰাকী উৎকৃষ্ট সেনাপতিক হেৰুৱাইছে । সেনাপ্ৰধান আৰু চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে জেনেৰেল ৰাৱাটে ভাৰতীয় সেনাৰ সামৰ্থ্য, বিশ্বাসযোগ্যতা, ৰণনীতি, যুঁজ দিয়াৰ সামৰ্থ্য আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে বিভিন্ন অস্ত্ৰ আৰু সেৱাৰ কৌশলগত একত্ৰিকৰণ বৃদ্ধিৰ বাবে বহুতো বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছিল বুলি তেওঁ উল্লেখ কৰে ।

ৰাজ্যপালগৰাকীৰ মতে জেনেৰেল বিপিন ৰাৱাটে ৰাষ্ট্ৰ আৰু সামৰিক সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু কেইবাটাও ব্যতিক্ৰমী ব্যৱস্থা আৰম্ভ কৰিছিল । ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে জেনেৰেল ৰাৱাটে 'ইণ্টিগ্ৰেটেড বেটেল গ্ৰুপ' আৰু অধিক গুৰুত্বপূৰ্ণ 'থিয়েটাৰ কমাণ্ড'ৰ অভিনৱ ধাৰণাৰ আৰম্ভ কৰিছিল বুলি ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে ।

যোৱা ১২ নৱেম্বৰত নতুন দিল্লীত চিডিএছক সাক্ষাৎ কৰি ৰাজ্যপালগৰাকীয়ে অৰুণাচলী যুৱকক নিযুক্তিৰ লগতে অৰুণাচল প্ৰদেশৰ সীমান্ত সুৰক্ষা আৰু সীমান্ত অঞ্চল উন্নয়ন সম্পৰ্কে আলোচনা কৰা বিষয়টো স্মৰণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে জেনেৰেল ৰাৱাট অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বন্ধু আছিল । তেওঁ ৰাজ্যখনৰ সকলো কল্যাণমূলক প্ৰকল্পক সমৰ্থন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে সদায় সৰ্বশ্ৰেষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল । ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰা মতে জেনেৰেল ৰাৱাটে ভাৰতীয় বায়ু সেনাৰ জৰিয়তে ৰাজ্যখনে বহু প্ৰাপ্য লাভ কৰাত সমৰ্থন জনাইছিল আৰু অৰুণাচল প্ৰদেশত কৌশলগতভাৱে দুৰ্গম পথ নিৰ্মাণৰ বাবে শক্তিশালী সমৰ্থন আগবঢ়াইছিল ।

লগতে পঢ়ক :Swahid Divas observes : পাঠশালাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.