ETV Bharat / state

সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক

author img

By

Published : Nov 1, 2021, 12:33 PM IST

সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত সীমা সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

pema khandu meeting with the Armed Border Force
সশস্ত্ৰ সীমা বলৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বৈঠক

তেজপুৰ, ১ নৱেম্বৰ : দেওবাৰে সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত । সীমা সুৰক্ষা বলৰ দায়িত্বত থকা সকলো শীৰ্ষ বিষয়াৰ লগতে এছ এছ বি (SSB)ৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰ গুপ্তাও উপস্থিত থাকে এই বৈঠকত ৷ টাৱাঙত শীৰ্ষ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সীমা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে ।

অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ শেষ প্ৰান্তৰ গাতে লাগি আছে ভূটান । পূৰ্বতে ভূটানৰ লগত এক সৌহাদ্য মূলক অহা-যোৱা চলিছিল সীমান্তৰ গাঁও অঞ্চলত ৷ কিন্তু বিগত সময়চোৱাত ক’ভিড মহামাৰীৰ বাবে ভূটানে সীমা অতিক্ৰম কৰি অহা যোৱা বন্ধ কৰি ৰাখিছে ।

SSBএ ভাৰত-চীন, ভাৰত-ভূটান সীমান্ত অঞ্চলত জনসাধাৰণৰ লগতে সীমান্ত সুৰক্ষা প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, অক্টোবৰ মাহৰ মাজৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তৰ অঞ্চলত থকা সকলো সুৰক্ষা বাহিনীৰ সৈতে অব্যাহত ৰাখিছে আলোচনা ৷

লগতে পঢ়ক : আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.