ৰঙাপৰা,13 এপ্ৰিল: বিশ্বনাথত সংঘটিত হোৱা ঘটনাৰ প্ৰতিবাদত শনিবাৰে ৰঙাপৰাত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ । পাঁচশৰো অধিক লোকৰ অংশগ্ৰহণ ৷
সদৌ অসম মুছলিম ছাত্ৰসন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় এই বিশাল প্ৰতিবাদী । ৰঙাপৰা 1 নং ৱাৰ্ডৰ পৰা থানা তিনিআলিলৈকে প্ৰায় পাঁচশৰো অধিক লোকে অংশগ্ৰহণ কৰা সমদলত সকলোৱে বিশ্বনাথ কাণ্ডক একেমুখে গৰিহনা দি ঘটনাৰ প্ৰকৃত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷