তেজপুৰ,১৩ জানুৱাৰী : অসমৰ ছয় জনগোষ্ঠীক জন-জাতিকৰণ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিবাহক অজয় মাধৱ তাঁতীয়ে বুধবাৰে সাংবাদিকক সম্বোধন কৰি কয়, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গুৱাহাটীৰ সভাত অসমৰ ছয় জনগোষ্ঠীৰ বাবে জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰা হৈছে বুলি এক মিছা বাৰ্তা অসমৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিছে ৷ বিজেপিয়ে মিছা প্ৰলোভনেৰে 21 ৰ নিৰ্বাচনী বৈতৰণী পৰা কৰিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে অজয় মাধৱ তাঁতীয়ে ৷
লগতে তেওঁ কয়, যোৱা পাঁচ বছৰে বিজেপি চৰকাৰে অকল মিছা কথাৰে অসমৰ ৰাইজক আভুৱা ভাৰিলে ৷ আগন্তক নিৰ্বাচনত অসমৰ চাহ বাগিচাৰ লোকসকলে বিজেপিক উচিত উত্তৰ দিব বুলি সকিয়াই দিয়ে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ৷
লগতে পঢ়ক:গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট